অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে ৰে’লৱে ষ্টেচন!

অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে লামডিং ৰে’লৱে ষ্টেচন৷ ৰে’লযোগে দৈনিক সৰবৰাহ হৈছে নিষিদ্ধ ড্ৰাগছ গাঞ্জাকে ধৰি নিচাজাতীয় দ্ৰব্য৷ লামডিং RPF আৰু RPFৰ CIB দলে ৰে’লৰ পৰা জব্দ কৰে প্ৰায় ৪৮ কেজি গাঞ্জা৷ লামডিং ৰে’লৱে ষ্টেচনত অবধ আছাম ৰে’লখনৰ পৰা RPF-এ অভিযান চলাই ১০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে একে সময়তে কাঞ্চনজংঘা ৰে’লখনৰ পৰা ৩৮ কেজি গাঞ্জা জব্দ কৰে৷ দুয়োখন ৰে’লত জব্দ হোৱা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি সৰবৰাহ কৰা কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই৷ লামডিঙত জব্দ কৰা গাঞ্জাখিনৰ বজাৰ মূল্য প্ৰায় ৪ লাখ ৮০ হাজাৰ টকা৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...