আজিৰে পৰা IPL, প্ৰথম মেচত চেন্নাই ছুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ

0 33

আজিৰে পৰা আৰম্ভ IPL। দুটা বছৰ কোভিডৰ বাবে ডুবাইত অনুষ্ঠিত হৈছিল IPLৰ মেচ। IPLৰ বাবে সাজু হৈছে দেশৰ ক্ৰিকেটপ্ৰেমী ৰাইজ। এইবাৰ IPLত ১০টা দলে অংশগ্ৰহণ কৰিব। IPLৰ অধিকাংশ মেচ অনুষ্ঠিত হ’ব মুম্বাইত।

আজি প্ৰথম মেচত মুখামুখি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইটৰাইডাৰ্ছ। সন্ধিয়া ৭.৩০ বজাত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ’ব উদ্বোধনী মেচ। IPLত এইবাৰ নতুনকৈ দুটা দলে মেচত অংশগ্ৰহণ কৰিব। গুজৰাট টাইটান্ছ আৰু লক্ষ্ণৌ ছুপাৰজায়েণ্টছে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব IPLত।

Leave A Reply

Your email address will not be published.