ৰীলত নচা চুমিয়ে ৰিয়েলত নচুৱাইছে আৰক্ষীক

বহুক্ষেত্ৰতেই একমাত্ৰ চুমি বৰা। প্ৰথম নহৈয়ো নিজকে প্ৰথম মহিলা কৰিঅ’গ্ৰাফাৰ বুলি দাবী কৰা প্ৰথম চুমি। কেইটামান গানতে কৰিঅ’গ্ৰাফী কৰি কোটিটকীয়া বিয়া পতা প্ৰথমগৰাকী যুৱতী চুমি। পাতি লোৱা ভায়েকে কোটিটকীয়া উপহাৰ দিয়া প্ৰথমগৰাকী বায়েক চুমি। চুমিৰ বাবে ভাললগা অসম আৰক্ষীৰ বাবে লাজলগা কথাটো হৈছে কোটিটকীয়া কাণ্ডত নাম সাঙোৰ খাই সমস্যা নোহোৱাকৈ পলাই ফুৰিব পৰা প্ৰথমগৰাকী মহিলা চুমি। আৰক্ষীয়ে চুমিক বিচাৰিয়েই আছে। চৰ্চা হৈছে চুমি হেনো নেপাললৈ পলাল। বহুতেই কৈছে চুমি বৰাই আত্মসমৰ্পণ কৰিব।

চুমি ক’ত সঠিককৈ কোনেও কব নোৱাৰে। ইয়াৰ মাজতে আৰক্ষীয়ে চলাই আছে সম্পত্তি জব্দ অভিয়ান। বিশাল ফুকনৰ কেইবালাখটকীয়া এম এষ্টৰ বাহন জব্দ কৰিলে আৰক্ষীয়ে। তাৰ পাছতে গুৱাহাটীৰ নাৰেংগীৰ এপাৰ্টমেন্টৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে চুমি বৰাৰ বিলাসী বাহন। বিশালৰ জেৰা চলিছে। চলিছে চুমিৰ অনুসন্ধান। চুমিৰ ঘনিষ্ঠ বুলি বহু অভিনেতা-গায়কৰ নাম আহিছিল চৰ্চালৈ। যিসকল চুমিৰ বন্ধু বুলি চৰ্চা হৈছিল তেওঁলোকেই এতিয়া কৈছে নাই আমাৰ চুমি বৰাৰ লগত পেছাগত সম্পৰ্কহে। ব্যক্তিগতভাৱে আমাৰ চিনা-জনা নাই। সেয়া যি নহওক। বহুতৰে সন্দেহ চুমি বৰা হয়তো সহজতে জালত নপৰিব। কাৰণ ডাঙৰ ডাঙৰ লোকৰ সৈতে উঠা-বহা চুমিৰ। সেয়ে সন্দেহ কৰিছে বহুতে। কিন্তু ইমান এটা ডাঙৰ বিত্তীয় কেলেংকাৰীৰে নাম সাঙুৰ খোৱা চুমিক কিয় বিচাৰি উলিয়াব পৰা নাই আৰক্ষীয়ে?
অসম আৰক্ষী অসহায় নে চুমিৰ আঁৰত আন কিবা শক্তি? কিয় আৰক্ষীয়ে এতিয়ালৈ জালত পেলাব পৰা নাই চুমি বৰাক? ৰৌ বৰালি জালত পৰাৰ ভয় নেকি? সেই কথাকে ক’লে কংগ্ৰেছ সভাপতি ভূপেন বৰাই, ‘চুমিক আৰক্ষীয়ে ধৰিব পৰা নাই নে ধৰা নাই নে ধৰিবলৈ চেষ্টাই কৰা নাই?’ লগতে ক’লে অসম পুলিচে কেৱল চুমি বৰাকে ধৰিব পৰা নাইনে, এই তালিকাত আৰু কোন কোন।
APSC কেলেংকাৰীৰ ৰাজীৱ পাল, ৭ কোটি কেলেংকাৰীৰ নায়ক দীপাংকৰ বৰ্মন, লখিমপুৰৰ সুনীল গগৈ, ধিঙৰ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্ত, ভূপেন বৰাৰ মতে চুমি বৰাকো তেনেকৈয়ে ধৰিব নোৱাৰে আৰক্ষীয়ে। ধৰিবলৈ গলে হাত জ্বলিব। সেয়ে আৰক্ষীয়ে একো সুধিব নোৱাৰে।

কিন্তু কম আচৰিত কথানে এবাৰ নিজেই ভাবকচোন। নুমলীগড়ত সোণাবৰ নামৰ এজনে বলেৰো গাড়ীৰ বেটাৰী চোৰ কৰিছিল। মাৰাথন অভিযান চলাই সোণাবৰক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বিশালে সংঘটিত কৰিলে হাজাৰ কোটিৰ কেলেংকাৰী। নাম ওলাইছে চুমি বৰাৰ। চুমি ক’ত স্মাৰ্ট আৰক্ষীয়ে গমেই নাপায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...