অ’ মোৰ আপোনাৰ দেশ…সাহিত্য দিৱসত ৰসৰাজক স্মৰণ

আজি সাাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস। তদুপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত, ৰহাৰ আমতলা ৰূপ-কলা-কেশৰী শাখা সাহিত্য সভা আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বৰ্ণিল কাৰ্যসূচী। আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় সাহিত্যৰথীৰ স্মৃতিত সাহিত্য দিৱস।

পুৱা ৰসৰাজৰ প্ৰতিচ্ছবিত মাল্যাপন, বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত হয় সাহিত্য দিৱস। সাহিত্য দিৱসত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, উপ সভাপতি ঠগীত মহন্ত, সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে ড° নিৰলা দেৱী আৰু দীপ্তি দেৱী শৰ্মাই অংশগ্ৰহণ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য জীৱনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত ৰূপ-কলা-কেশৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, স্থানীয় গণ্যমান্য ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...