মানৱসৃষ্ট জলবোমা, নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত ৩জনৰ মৃত্যু

ডিমা হাছাও জিলাত ভয়ংকৰ ঘটনা। উমৰাংছ’ৰ পাঁচকিলোত থকা নিপকোৰ জলবিদ্যুৎ প্ৰকল্পত বিস্ফোৰণ। প্ৰকল্পটোৰ টাৰ্বাইনৰ পাইপত এই বিস্ফোৰণ। ভয়ংকৰ জলবিস্ফোৰণত প্ৰাণ হেৰুৱালে নীপকোৰ তিনি কৰ্মচাৰীয়ে। ঘটনাত নিহত নিপকোৰ কৰ্মচাৰী অনুপম শইকীয়া। মৃত অনুপম শইকীয়াৰ ঘৰ যোৰহাটত। নিহত আনজন কৰ্মচাৰী ডিগবৌৰ জয়ন্ত হাজৰিকা। ডিমা হাচাওৰ দেমেৰাজ জহাৰি নামৰ আন এজন কৰ্মচাৰীৰ মৃত্যু। এই বিস্ফোৰণত জলমগ্ন সমগ্ৰ অঞ্চলটো। অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছে। বিস্ফোৰণস্থলীত আবদ্ধ হৈ আছে বহুকেইজন লোক। ইতিমধ্যে হাফলঙৰ পৰা ৰাওনা হৈছে উদ্ধাৰকাৰী দল। প্ৰাথমিক তথ্য অনুসৰি, মুষলধাৰ বৰষুণৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ। পাইপলাইনৰ পৰা ওলাই পানীয়ে নিপকোৰ বাল্ব হাউচৰ অধিক ক্ষতি কৰে। লগতে একাধিক বাহন পানীত উটি আহে। যোৱা দুদিন ধৰি পাহাৰীয়া ডিমা হাছাও জিলাত হৈ থকা বৰষুণৰ বাবে উমৰাংছুৰ ৫ কিলোত কপিলী হাইডেল প্ৰজেক্টৰৰ খান্দং ৰিজাৰ্ভাৰৰ পানীৰ পাইপ লাইনত বিস্ফোৰণ ঘটে। লগে লগে পাইপ লাইনৰ পৰা ওলাই অহা পানীয়ে গোটেই এলেকা ভৰি পৰে। উল্লেখনীয় যে, ২০১৯ চনৰ ৭ অক্টোবৰত অনুৰূপভাবে পাইপ বিস্ফোৰণ হৈ নীপকোৰ চাৰি গৰাকী কৰ্মীৰ মৃত্যু হৈছিল। কেইবা কোটি টকা ক্ষতি হৈছিল। তথ্য অনুসৰি নিপকো কৰ্তৃপক্ষৰ হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...