অ’ মোৰ আপোনাৰ দেশ…সাহিত্য দিৱসত ৰসৰাজক স্মৰণ

আজি সাাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি দিৱস। তদুপলক্ষে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত, ৰহাৰ আমতলা ৰূপ-কলা-কেশৰী শাখা সাহিত্য সভা আৰু দৰঙীগাঁও আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বৰ্ণিল কাৰ্যসূচী। আজি বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় সাহিত্যৰথীৰ স্মৃতিত সাহিত্য দিৱস।

পুৱা ৰসৰাজৰ প্ৰতিচ্ছবিত মাল্যাপন, বন্তি প্ৰজ্বলনৰ পিছতে অনুষ্ঠিত হয় সাহিত্য দিৱস। সাহিত্য দিৱসত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ বৰুৱা, উপ সভাপতি ঠগীত মহন্ত, সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে ড° নিৰলা দেৱী আৰু দীপ্তি দেৱী শৰ্মাই অংশগ্ৰহণ কৰি লক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্য জীৱনৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানত ৰূপ-কলা-কেশৰী শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, স্থানীয় গণ্যমান্য ব্যক্তি আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পাৰ্লাৰৰ সন্মুখত বাইক ৰখোৱা বাবে মহিলাই কাটিলে ৩খন বাইকৰ টায়াৰ

গুৱাহাটীৰ পূব শৰণীয়াৰ ৩ নং উপপথত সংঘটিত হৈছে এক...

ভাৰতত প্ৰথমবাৰৰ বাবে মহিলা চেম্পিয়নছ ট্ৰফী! মুম্বাই-বডোদৰাত হ’ব মহাযুঁজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল (ICC)-এ ঘোষণা কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত।...

চীন সীমান্তত ভূমিস্খলনৰ আগজাননী ব্যৱস্থা পুনৰ গঢ়িব নেপালে

নেপালে চীন সীমান্তৰ ৰাছুৱা জিলাত ভূমিস্খলন আৰু হিমবাহজনিত দুৰ্যোগৰ...

‘সহায় নহয়, ক্ষতিপূৰণ লাগে’— ভাৰতৰ ওচৰত বানৰ ক্ষতিপূৰণ দাবী নেপালৰ

নেপালৰ ভয়ংকৰ বানক লৈ চুবুৰীয়া ৰাষ্ট্ৰৰ নতুন কূটনৈতিক দাবী...