ধনৰ বিনিময়ত গাঁওবুঢ়া নিযুক্তি, গ্ৰেপ্তাৰ দুজনকৈ চক্ৰ বিষয়াক

একেদিনাই ৰাজ্যত এই‍বাৰ গ্ৰেপ্তাৰ দুজনকৈ চক্ৰ বিষয়া। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰে অভিযুক্ত মানকাচৰৰ দুই চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে CM ভিজিলেঞ্চৰ দলে। গ্ৰেপ্তাৰ হোৱা দুই বিষয়া ক্ৰমে বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদ। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খোৱা ADC চাইবুৰ ৰহমানৰ ঘনিষ্ঠ আছিল এই দুই বিষয়া। কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত মানকাচৰৰ চক্ৰ বিষয়া আছিল দুয়োজন।

বিক্ৰম আদিত্য বৰা বৰ্তমান BTCৰ অতিৰিক্ত উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ইলিয়াছ আহমেদ বৰ্তমান গুৱাহাটীৰ পৰিবহণ বিভাগৰ উপ-সচিব। বৃহস্পতিবাৰে দুয়োকে তলব কৰিছিল CM ভিজিলেঞ্চৰ দলে। একেৰাহে কেইবা ঘণ্টা জেৰা চলাইছিল তদন্তকাৰী দলে। এটা গাঁওবুঢ়া পদৰ বিপৰীতে লাখ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...