অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা ঘোষণা

পদ্ম আৰু ভাৰত ৰত্ন সন্মানৰ আৰ্হিত অসম চৰকাৰে আজি ঘোষণা কৰে প্ৰথমবাৰলৈ প্ৰদান কৰিব লগা ৩টা অসামৰিক বঁটাপ্ৰাপকৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদমেলত সন্মান প্ৰাপকৰ তালিকা ঘোষণা কৰে। এইবাৰ ব্যতিক্ৰম হব যদিও আগন্তুক বছৰমসূহত ২ ডিচেম্বৰত অসম দিৱসত প্ৰদান কৰা হ’ব বঁটাসমূহ। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম অসম বৈভৱ। দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাৰূপে অসম চৰকাৰে আগবঢ়াব অসম সৌৰভ সন্মান। আনহাতে তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটাৰ নাম বিবেচিত হব অসম গৌৰৱ ৰূপে। বছৰি মুঠ ১৯জন লোকক অসম চৰকাৰে ৩টা অসামৰিক বঁটা প্ৰদান কৰিব। ইয়াৰে শলং গছৰ পাতৰ ওপৰত অসমীয়া জাপিৰে অসম বৈভৱ বঁটা প্ৰস্তুত কৰা হব। একেদৰে অসমীয়াৰ স্বাভিমান শৰাইখনক মাজত ৰাখি অসম সৌৰভ বঁটাৰ আৰ্হি প্ৰস্তুত কৰাৰ বিপৰীতে গায়ন-বায়ন তথা সত্ৰীয়া সংস্কৃতিক প্ৰতিফলিত কৰি সৃষ্টি কৰা হৈছে অসম গৌৰৱ বঁটা। অসমৰ সমাজ জীৱনলৈ পোনপটীয়া বা পৰোভ প্ৰভাৱ পেলোৱা আৰু ব্যক্তিগত ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা লোকক স্বীকৃতি দিব অসম চৰকাৰে।

সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱত ৫ লাখ টকা থাকিব। ইয়াৰ লগতে অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা পাব বঁটা বিজয়ীয়ে। চৰকাৰী অনুষ্ঠানত সুকীয়া আসনৰ ব্যৱস্থা কৰা হ’ব। আনহাতে, অসম সৌৰভ বঁটাত থাকিব ৪ লাখ টকা। তাৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব। অসম চৰকাৰৰ তৃতীয় সৰ্বোচ্চ সন্মান অসম গৌৰৱ বঁটাত থাকিব ৩ লাখ টকা। ইয়াৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব চৰকাৰে। প্ৰতি বছৰে এজনক অসম বৈভৱ, ৩জনক সৌৰভ আৰু ১৫জনক অসম গৌৰৱ বঁটা প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...