ধনৰ বিনিময়ত গাঁওবুঢ়া নিযুক্তি, গ্ৰেপ্তাৰ দুজনকৈ চক্ৰ বিষয়াক

একেদিনাই ৰাজ্যত এই‍বাৰ গ্ৰেপ্তাৰ দুজনকৈ চক্ৰ বিষয়া। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীৰে অভিযুক্ত মানকাচৰৰ দুই চক্ৰ বিষয়া বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদক গ্ৰেপ্তাৰ কৰে CM ভিজিলেঞ্চৰ দলে। গ্ৰেপ্তাৰ হোৱা দুই বিষয়া ক্ৰমে বিক্ৰম আদিত্য বৰা আৰু ইলিয়াছ আহমেদ। গাঁওবুঢ়া নিযুক্তি কেলেংকাৰীত নাম সাঙোৰ খোৱা ADC চাইবুৰ ৰহমানৰ ঘনিষ্ঠ আছিল এই দুই বিষয়া। কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত মানকাচৰৰ চক্ৰ বিষয়া আছিল দুয়োজন।

বিক্ৰম আদিত্য বৰা বৰ্তমান BTCৰ অতিৰিক্ত উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে ইলিয়াছ আহমেদ বৰ্তমান গুৱাহাটীৰ পৰিবহণ বিভাগৰ উপ-সচিব। বৃহস্পতিবাৰে দুয়োকে তলব কৰিছিল CM ভিজিলেঞ্চৰ দলে। একেৰাহে কেইবা ঘণ্টা জেৰা চলাইছিল তদন্তকাৰী দলে। এটা গাঁওবুঢ়া পদৰ বিপৰীতে লাখ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপিত হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...