১০০ কিঃমিঃ গতিবেগত আহি আছে সাগৰীয় ঘূৰ্ণী জাৱাড!

সাৱধান! দেওবাৰে পুৱাই ১০০ কিলোমিটাৰ গতিবেগত আহিব ভয়ংকৰ সাগৰীয় ঘূৰ্ণী জাৱাড। বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপে ইতিমধ্য ধাৰণ কৰিছে শক্তিশালী ঘূৰ্ণীবতাহৰ ৰূপ ল’‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍ব। ঘণ্টাত প্ৰায় ১০০ কিলোমিটাৰ বেগত এই ঘূৰ্ণী বতাহে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ উপকূল অতিক্ৰম কৰিব। ইয়াৰ ফলত প্ৰচণ্ড ধুমুহা, মূষলধাৰ বৰষুণ আৰু সমুদ্ৰপৃষ্ঠত প্ৰবল ঢৌৰ উঠাৰ সম্ভাৱনা আছে।

ইতিমধ্যে অন্ধ্ৰ প্ৰদেশত সাজু কৰি ৰখা হৈছে ৪৬টা NDRFৰ দল। এই ঘূৰ্ণীবতাহে বিশেষকৈ প্ৰভাৱ পেলাব শ্ৰীকাকুলাম, বিশাখাপট্টনম আৰু বিজয়নগৰমত। ওড়িশাটো প্ৰভাৱ পৰিব জাৱাডৰ। ওড়িশাৰ কেইৱাখনো জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট।

ইয়াৰ উপৰি জাৱাডৰ প্ৰভাৱ পৰিব পশ্চিম বংগতো। ৫ ডিচেম্বৰত পুৰি উপকূল পাৰ হৈ এই ঘূৰ্ণীবতাহে দক্ষিণ বংগত প্ৰবেশ কৰাৰ সম্ভাবনা। বংগতো প্ৰবল বৃষ্টিপাতৰ লগতে এই ঘূৰ্ণীয়ে সৃষ্টি কৰিব পাৰে ভয়ংকৰ দুৰ্যোগৰ।

দুৰ্যোগৰে মোকাবিলা কৰিবলৈ সষ্টম হৈ আছে তিনিওখন ৰাজ্যৰ প্ৰশাসন। সাজু কৰি ৰখা হৈছে মুঠ ৬৪টা NDRFৰ বাহিনীৰ দল। প্ৰয়োজনত অভিযান চলাব পৰাকৈ সাজু কৰি ৰখা হৈছে নৌসেনা বাহিনীকো। ইয়াৰ লগতে মাছমৰীয়াসকলক মাছ মাৰিবলৈ সাগৰৰ মাজলৈ নাযাবলৈ আহ্বান প্ৰশাসনৰ। ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা ৰূপে বাতিল কৰা হৈছে কেইবাখনো ৰে’লৰ চলাচল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ড্ৰাগছ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট হৈ পৰিছে নেকি কাছাৰ?

অতি সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিয়ে সকলো বিষয়ৰ উৰ্দ্ধত অৱস্থান কৰিলেও...

বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান...

মধ্যপ্ৰদেশত পথ অৱৰোধ! ভাইৰেল মনালিছাক চাবলৈ মানুহৰ ভিৰ

মহাকুম্ভমেলাৰ ভাইৰেল গাৰ্ল মনালিছা। মনালিছাক লৈ সীমাহীন কৌতূহল অনুৰাগীক।...

‘কিং’ শ্বুটিঙৰ মাজতে অঘটন

গুৰুতৰ ভাবে আহত কিংখানচিকিৎসাৰ বাবে আমেৰিকালৈ শ্বাহৰুখ একশ্যন ছবিৰ শ্বুটিঙৰ...