কোনে কোনে লাভ কৰিলে অসম সৌৰভ সন্মান, বঁটাপ্ৰাপকৰ বিষয়ে জানেনে?

আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটাসমূহ। প্ৰথমবাৰলৈ প্ৰদান কৰিব লগা বঁটাপ্ৰাপকৰ নাম ৰাজহুৱা কৰে হিমন্ত বিশ্ব শৰ্মাই। অসম সৌৰৱ বঁটাপ্ৰাপকৰ তালিকাত আছে শিক্ষাবিদ, স্বাস্থ্য বিষয়া, ৰাজপত্ৰিত বিষয়া। বিশিষ্ট শিক্ষাবিদ কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰফেছৰ কমলেন্দু দেৱ ক্ৰৰিলৈ অসম সৌৰৱ সন্মান। IAS বিষয়া ড০ লক্ষ্মনন এছলৈ অসম গৌৰৱ সন্মান অসম চৰকাৰৰ। কভিড বিৰোধী যুঁজত আগবঢ়োৱা অৱদানলৈ স্বীকৃতি। বৰ্তমান NHMৰ মিছন ডাইৰেক্টৰৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে লক্ষ্মনন এছে। ইয়াৰ লগতে প্ৰফেছৰ দীপক চান্দ জৈনলৈ স্বীকৃতি। আমেৰিকাৰ নিবাসী অসম সন্তান জৈন বিশ্বৰ বহুকেইখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ গুৰুদায়িত্ব চম্ভালিছে।

আনহাতে, নীলপৱন বৰুৱালৈ আগবঢ়োৱা হব অসম সৌৰভ বঁটা। দ্য অসম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছচায়িটী প্ৰতিষ্ঠা কৰাৰ লগতে বৃন্দাবনী বস্ত্ৰ ঘূৰাই অনা তথা জনপ্ৰিয়তাৰ ক্ষেত্ৰতো বিশেষ উদ্যোগ লৈছিল। সৌৰৱ বঁটাত আছে নগদ ৪ লাখ টকা। তাৰ লগতে বছৰি ৩ লাখ টকালৈকে চিকিত্সাৰ সাহায্য লাভ কৰিব। অসম ভৱনত বিনামূলীয়াকৈ থকাৰ সুবিধা লাভৰ লগতে চৰকাৰী অনুষ্ঠানত বিশেষ আসনৰ ব্যৱস্থা থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তালিবানৰ হাতত ভাৰতীয় INSAS 1B1 ৰাইফল? সামাজিক মাধ্যমত চৰ্চা অব্যাহত

আফগানিস্তানত তালিবানৰ হাতত ভাৰতত নিৰ্মিত INSAS 1B1 assault rifle...

এছিয়ান গেমছ ২০২৬ৰ সফল অভিযান সামৰিলে ভাৰতে। জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ ‘ছুপাৰগাৰ্ল’সকল

গৌৰৱ, সাহস আৰু সাফল্যৰে এছিয়ান গেমছ ২০২৬ৰ অভিযান সামৰিলে...

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...