জোনবাইত সূৰ্যোদয়ৰ পিছতে পুনৰ সচল হ’ব বিক্ৰম লেণ্ডাৰ-প্ৰজ্ঞান ৰ’ভাৰ!

জোনবাইত সূৰ্যোদয়ৰ পিছতে পুনৰ সচল হ’ব বিক্ৰম লেণ্ডাৰ-প্ৰজ্ঞান ৰ’ভাৰ!
সূৰ্যোদয়ৰ পিছত শুকুৰবাৰে বিক্ৰম লেণ্ডাৰ-প্ৰজ্ঞান ৰ’ভাৰ সক্ৰিয় হোৱাৰ আশা ISROৰ
ISROৰ অধ্যক্ষ এছ সোমনাথৰ মতে চন্দ্ৰৰ দক্ষিণ মেৰুত সূৰ্যৰ পোহৰ পৰাৰ পিছতে পুনৰুজ্জীৱিত হ’ব এই দুই বাহন। যোৱা এপষেক ধৰি নিশাৰ অন্ধকাৰত দক্ষিণ মেৰুত ‘নিদ্ৰামগ্ন’ আছিল বিক্ৰম লেণ্ডাৰ-প্ৰজ্ঞান ৰ’ভাৰ। এই দুয়োখন বাহনৰ পুনৰ উদ্ধাৰক লৈ আশাবাদী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা।

চন্দ্ৰত এটা চন্দ্ৰ নিশা পৃথিৱীৰ ১৪টা দিন-ৰাতিৰ সমান। জোনবাইৰ বক্ষত সফলতাৰে অৱতৰণ কৰাৰ পিছত চন্দ্ৰযান-৩ৰ অংশ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰে ইতিহাস সৃষ্টি কৰিছে ভাৰতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত। সৌৰশক্তিৰ সহায়ত কাৰ্যক্ষম হৈ থকা এই দুয়োখন বাহনৰ কামকাজ চন্দ্ৰত নিশাৰ অন্ধকাৰ নমাৰ লগে লগে স্থৱিৰ হৈ পৰিছিল। চন্দ্ৰৰ এটা দিনৰ বাবে সচল হৈ থকাৰ ডিজাইনেৰে নিৰ্মিত বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰ পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে এতিয়া অহোপুৰুষাৰ্থ চেষ্টা কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৈজ্ঞানিকসকলে।

সচল হ’লেও পুৰ্ণ শক্তিৰে সক্ৰিয় হোৱাৰ আশা ক্ষীণ বিক্ৰম লেণ্ডাৰ, প্ৰজ্ঞান ৰ’ভাৰৰ
যোৱা ২ ছেপ্টেম্বৰৰ পৰা চন্দ্ৰৰ বুকুত অচল হৈ পৰি ৰৈছিল দুয়োখন বাহন
সূৰ্যৰ পোহৰ পৰাৰ পিছতেই বাহন দুখন সক্ৰিয় হ’ব বুলি আশা ISROৰ
অন্ধকাৰচ্ছন্ন জোনবাইত মাইনাছ ২০০ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত পৰি ৰৈছিল এই বাহন দুখন


চন্দ্ৰৰ চৌপাশত প্ৰদক্ষিণ কৰি থকা চন্দ্ৰযান ২ৰ অৰ্বিটাৰে যোৱা ৬ ছেপ্টেম্বৰত তোলা চন্দ্ৰযান ৩ৰ এখন বিশেষ আলোকচিত্ৰ ISROই মুকলি কৰিছে। লেণ্ডাৰ আৰু বিক্ৰম পাৰ্ক কৰি ৰখা দক্ষিণ মেৰুৰ শিৱশক্তি পইণ্টত সূৰ্যৰ ৰশ্মি পৰালৈ এতিয়া গভীৰ প্ৰতীক্ষাৰে বাট চাইছে মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...