ঘৰৰ পৰা ওলালে ছাতি ল’বলৈ একদম নাপাহৰিব!

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আগন্তুক ৫ দিনলৈ ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যৰো কিছু কিছু ঠাইত জাৰি কৰিছে YELLOW সংকেত।

বে’ অফ বেংগল সাগৰ পৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহা প্ৰভাৱৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আগন্তুক ৫ দিনলৈ বৃদ্ধি পাব বৰষুণৰ হাৰ। বিভিন্ন স্থানত মধ্যমীয়া বৰষুণ হোৱাৰ উপৰিও কিছু কিছু ঠাইত বিজুলী ঢেৰেকণিৰ লগতে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

এই আগজাননী সদৰী কৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...