বেটাৰৰ বাবে ত্ৰাস হৈ পৰিছে মহম্মদ ছিৰাজ

ICCৰ এদিনীয়া বলাৰৰ ৰেংকিঙৰ শীৰ্ষত ছিৰাজ

৮টাকৈ স্থান আগুৱাই ‘বলিঙৰ কিং’ ছিৰাজ

এছিয়া কাপৰ ফাইনেলত ৬টাকৈ উইকেট দখল কৰি সিংহলী বাহিনীক বিধ্বস্ত কৰা মহম্মদ ছিৰাজ এতিয়া ৱৰ্ল্ডৰ নাম্বাৰ ৱান। ICC-এ শেহতীয়াকৈ ঘোষণা কৰা এদিনীয়া বলাৰ ৰেংকিঙৰ শীৰ্ষ স্থান দখল কৰিলে হায়দৰাবাদৰ দুৰ্ধৰ্ষ বেগী বলাৰজনে। ইয়াৰ পূৰ্বে নৱম স্থানত থকা ছিৰাজে ৬৯৫ ৰেটিং পইণ্টেৰে এদিনীয়া বলিং ৰেংকিঙৰ শীৰ্ষত আৰোণ কৰিবলৈ সক্ষম হৈছে। এছিয়া কাপৰ ফাইনেল খেলত দেখুওৱা দমনীয়া প্ৰদৰ্শনৰ বলতক এমআৰএফ ICC পুৰুষৰ এদিনীয়া বলিং ৰেংকিঙৰ তালিকাত ১ নম্বৰ স্থান দখল কৰাত সহায় কৰিছে। সকলোকে চমকিত কৰি ২১ ৰানৰ বিনিময়ত ৬ উইকেট দখল কৰা এছিয়া কাপজয়ী বলিং স্পেলটোৱে শীৰ্ষস্থানত উপনীত হ’বলৈ সক্ষম কৰি তুলিছে। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহতো এদিনীয়া ৰেংকিঙৰ শীৰ্ষত আছিল ছিৰাজ। আনহাতে,  ৬৭৮ ৰেটিং পইণ্টেৰে ৰেংকিঙৰ দ্বিতীয় স্থানত অষ্ট্ৰেলিয়াৰ পেচ বলাৰ জছ হেজলৌড। ৬৭৭ ৰেটিং পইণ্টৰে তৃতীয় স্থানত আছে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট। মহম্মদ ছিৰাজৰ লগতে শীৰ্ষ ১০ স্থানত আছে আন এজন ভাৰতীয়। ৬৩৮ পইণ্টেৰে নৱম স্থানত আছে স্পিন বলিঙৰ নতুন কিং কুলদীপ যাদৱ।

এই সফলতাই বিশ্বকাপৰ পূৰ্বে মহম্মদ ছিৰাজৰ মনোবল বৃদ্ধি কৰিব বুলি আশা প্ৰকাশ কৰিছে ক্ৰিকেট অনুৰাগীসকলে। ছিৰাজে বৰ্তমানলৈকে ভাৰতৰ হৈ খেলিছে ২৯খনকৈ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচ। এই ২৯খন মেচত ছিৰাজে দখল কৰিছে ৫৩টা উইকেট। ইপিনে, টেষ্ট মেচত ৫৯টা আৰু T-20 মেচত ভাৰতৰ হৈ বেগী বলাৰজনে দখল কৰিছে ১১টাকৈ গুৰুত্বপূৰ্ণ উইকেট। এতিয়া ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ এটাই আশা, এছিয়া কাপৰ দৰে বিশ্বকাপতো চলক ছিৰাজৰ ‘Miyan Magic’। দখল কৰক ইটোৰ পিছত সিটো উইকেট আৰু হওঁক বিশ্ব চেম্পিয়ন তথা মহান ক্ৰিকেটাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...