ৰেগিং ব্যাধিৰ গ্ৰাসত নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়

বিতৰ্কিত নলবাৰী জবাহৰ নবোদয় বিদ্যালয়ত পুনৰ ৰেগিং কাণ্ড

জ্যেষ্ঠ ছাত্ৰই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে কনিষ্ঠ ছাত্ৰক

দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ অমানুসিক অত্যাচাৰত আহত দশম শ্ৰেণীৰ ৫ ছাত্ৰ

বিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ ঘটনাক গাপ দিয়াৰ অভিযোগ

ডিজিপিৰ হস্তক্ষেপত ঘটনাৰ তদন্ত নলবাৰী আৰক্ষীৰ

নলবাৰীৰ বাণেকুছিত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত চৰম নিৰাপত্তাহীনতাত শিক্ষাৰ্থী! নিশা হ’লেই উগ্ৰ হৈ পৰে একাংশ জ্যেষ্ঠ ছাত্ৰ। কণিষ্ঠ ছাত্ৰৰ ওপৰত চলে জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক অত্যাচাৰ। পুনৰ পোহৰলৈ আহিছে নবোদয় বিদ্যালয়খনত সংঘটিত জঘন্য ৰেগিংকাণ্ড। ৯ ছেপ্তেম্বৰৰ নিশা ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেংগি। দশম শ্ৰেণীৰ ৫ গৰাকীকৈ ছাত্ৰক নিশা ছাত্ৰাৱাসত প্ৰৱেশ কৰি দ্বাদশ শ্ৰেণীৰ আঠজন ছাত্ৰই কৰিছিল দলৱদ্ধ আক্ৰমণ। বাঁ‌হ-লাঠিৰে কোবাই কোবাই ঘুণীয়া কৰে ৫ ছাত্ৰক। কিন্তু ৰহস্যজনকভাৱে ৬দিন সমগ্ৰ ঘটনা অভিভাৱকৰ পৰা লুকুৱাই ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষই আনকি ছাত্ৰকেইজনৰ স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা নকৰাৰ অভিযোগ। ১৫ ছেপ্তেম্বৰতহে কৌশলেৰে জনাইছিল আহত ছাত্ৰৰ অভিভাৱকক।

৯ ছেপ্তেম্বৰত বিদ্যালয়খনত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্য্যসূচী। আৰু শিক্ষক দিৱসৰ কাৰ্য্যসূচীত হাততালি নবজোৱাৰ বাবেই ছাত্ৰ কেইজনৰ ওপৰত জ্যেষ্ঠ ছাত্ৰৰ দলে আক্ৰমণ চলোৱাৰ অভিযোগ অভিভাৱকৰ।

ইফালে অভিভাৱক সকলে ঘটনা সন্দৰ্ভত বিদ্যালয় খনৰ অধ্যক্ষক অৱগত কৰাত ওলোটাই অভিভাৱকক সংবাদ মাধ্যমৰ কাষ নাচাপিবলৈহে সকীয়নি দিয়াৰ অভিযোগ।

ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল ছাত্ৰকেইজনৰ অভিভাৱকৰ। তাৰ পিছতে আৰম্ভ হৈছে নবোদয় বিদ্যালয়ৰ ৰেগিং কাণ্ডৰ তদন্ত। ৰেগিংকাণ্ডত অভিযুক্ত ৮ গৰাকী ছাত্ৰক নিলম্বন কৰ্তৃপক্ষৰ। অনিদিষ্ট কাললৈ নিলম্বন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কেইজনক। কিন্তু প্ৰশ্ন হয় বাৰে বাৰে কিয় বিতৰ্কত সোমাই জৱাহৰ নবোদয় বিদ্যালয়? কেবল নলবাৰীতেই নহয় প্ৰায়ে ৰাজ্যৰ আন আন নবোদয় বিদ্যালয়তো পোহৰলৈ আহে এনে অনুশাসনহীনতাৰ তথ্য। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয়খনৰ পৰিচালনা ব্যৱস্থাটোৱেই যেন এতিয়া সোমাই পৰিছে সন্দেহৰ আৱৰ্তত…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভয়ংকৰ গৰমত ফ্ৰান্সত ৭,৩০০ৰো অধিক অতিৰিক্ত মৃত্যু

ফ্ৰান্সত এইবাৰ অভিলেখ সৃষ্টি কৰা তীব্ৰ গৰমে ভয়ংকৰ ৰূপ...

অৱশেষত ৬০ বছৰৰ মূৰত লাভ কৰিলে BA পাছৰ চাৰ্টিফিকেট! মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জোৰামথাংগাৰ আমোদজনক কাহিনী

গুৱাহাটী বিশ্ববিদ্যালয়ত মিজোৰামৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মিজো নেচনেল ফ্ৰণ্টৰ...

ভাৰত-জাপানৰ সামুদ্ৰিক প্ৰতিৰক্ষা হ’ব আৰু শক্তিশালী

সামুদ্ৰিক প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ...