ৰেগিং ব্যাধিৰ গ্ৰাসত নলবাৰীৰ জৱাহৰ নবোদয় বিদ্যালয়

বিতৰ্কিত নলবাৰী জবাহৰ নবোদয় বিদ্যালয়ত পুনৰ ৰেগিং কাণ্ড

জ্যেষ্ঠ ছাত্ৰই গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰিলে কনিষ্ঠ ছাত্ৰক

দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ অমানুসিক অত্যাচাৰত আহত দশম শ্ৰেণীৰ ৫ ছাত্ৰ

বিদ্যালয় কৰ্তৃপক্ষই ৰেগিঙৰ ঘটনাক গাপ দিয়াৰ অভিযোগ

ডিজিপিৰ হস্তক্ষেপত ঘটনাৰ তদন্ত নলবাৰী আৰক্ষীৰ

নলবাৰীৰ বাণেকুছিত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত চৰম নিৰাপত্তাহীনতাত শিক্ষাৰ্থী! নিশা হ’লেই উগ্ৰ হৈ পৰে একাংশ জ্যেষ্ঠ ছাত্ৰ। কণিষ্ঠ ছাত্ৰৰ ওপৰত চলে জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক অত্যাচাৰ। পুনৰ পোহৰলৈ আহিছে নবোদয় বিদ্যালয়খনত সংঘটিত জঘন্য ৰেগিংকাণ্ড। ৯ ছেপ্তেম্বৰৰ নিশা ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেংগি। দশম শ্ৰেণীৰ ৫ গৰাকীকৈ ছাত্ৰক নিশা ছাত্ৰাৱাসত প্ৰৱেশ কৰি দ্বাদশ শ্ৰেণীৰ আঠজন ছাত্ৰই কৰিছিল দলৱদ্ধ আক্ৰমণ। বাঁ‌হ-লাঠিৰে কোবাই কোবাই ঘুণীয়া কৰে ৫ ছাত্ৰক। কিন্তু ৰহস্যজনকভাৱে ৬দিন সমগ্ৰ ঘটনা অভিভাৱকৰ পৰা লুকুৱাই ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয় কৰ্তৃপক্ষই আনকি ছাত্ৰকেইজনৰ স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা নকৰাৰ অভিযোগ। ১৫ ছেপ্তেম্বৰতহে কৌশলেৰে জনাইছিল আহত ছাত্ৰৰ অভিভাৱকক।

৯ ছেপ্তেম্বৰত বিদ্যালয়খনত অনুষ্ঠিত হৈছিল শিক্ষক দিৱসৰ বিশেষ কাৰ্য্যসূচী। আৰু শিক্ষক দিৱসৰ কাৰ্য্যসূচীত হাততালি নবজোৱাৰ বাবেই ছাত্ৰ কেইজনৰ ওপৰত জ্যেষ্ঠ ছাত্ৰৰ দলে আক্ৰমণ চলোৱাৰ অভিযোগ অভিভাৱকৰ।

ইফালে অভিভাৱক সকলে ঘটনা সন্দৰ্ভত বিদ্যালয় খনৰ অধ্যক্ষক অৱগত কৰাত ওলোটাই অভিভাৱকক সংবাদ মাধ্যমৰ কাষ নাচাপিবলৈহে সকীয়নি দিয়াৰ অভিযোগ।

ঘটনা সন্দৰ্ভত জিলা উপায়ুক্তৰ ওচৰত লিখিত অভিযোগ দাখিল ছাত্ৰকেইজনৰ অভিভাৱকৰ। তাৰ পিছতে আৰম্ভ হৈছে নবোদয় বিদ্যালয়ৰ ৰেগিং কাণ্ডৰ তদন্ত। ৰেগিংকাণ্ডত অভিযুক্ত ৮ গৰাকী ছাত্ৰক নিলম্বন কৰ্তৃপক্ষৰ। অনিদিষ্ট কাললৈ নিলম্বন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ কেইজনক। কিন্তু প্ৰশ্ন হয় বাৰে বাৰে কিয় বিতৰ্কত সোমাই জৱাহৰ নবোদয় বিদ্যালয়? কেবল নলবাৰীতেই নহয় প্ৰায়ে ৰাজ্যৰ আন আন নবোদয় বিদ্যালয়তো পোহৰলৈ আহে এনে অনুশাসনহীনতাৰ তথ্য। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিদ্যালয়খনৰ পৰিচালনা ব্যৱস্থাটোৱেই যেন এতিয়া সোমাই পৰিছে সন্দেহৰ আৱৰ্তত…

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...