প্ৰদূষিত পৰিৱেশঃ উত্তপ্ত পৃথিৱী
নিজৰ পাপৰ ফল ভুগিছে মানুহে

🖋️অচিন্ত্য শৰ্মা

নিৰৱচ্ছিন্ন বৰষুণৰ আৰ্শীবাদত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে এই পৰ্যন্ত এক উমাল জলবায়ু উপভোগ কৰি থাকিলেও যোৱা মাৰ্চ মাহত অভূতপূৰ্ব গৰমে দহি গৈছে দেশৰ দেশৰ বাকী অংশক। ঠাইবিশেষে এতিয়াও অব্যাহত আছে গ্ৰীষ্মৰ এই দহণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰতত এইবাৰ মাৰ্চ মাহত গড় উষ্ণতা আছিল বিগত ১২২ বছৰৰ ভিতৰত সৰ্বাধিক আৰু এপ্ৰিল মাহত গড় উষ্ণতা আছিল ১২২ বছৰৰ ভিতৰত তৃতীয় সৰ্বাধিক। এই দুটা মাহত ভাৰতৰ পৃষ্ঠ উষ্ণতা বিভিন্ন ঠাইত ৫০ ডিগ্ৰী ছেলচিয়াচতকৈ অধিক হৈছিলগৈ।

গ্ৰীষ্মৰ এনে অভূতপূৰ্ব ৰূদ্ৰৰূপ সম্পৰ্কত বিভিন্ন বিচাৰ বিশ্লেষণ চলিছে যদিও জলবায়ু আৰু বতৰ বিজ্ঞানসকলৰ শেহতীয়া মন্তব্য অনুসৰি এইবাৰ পশ্ছিম দিশৰ পৰা আহিবলগা পাতলীয়া বৰষুণ আৰু তুলনামূলকভাবে শীতল বতাহৰ অস্বাভাবিক অনুপস্থিতিৰ বাবেই দেশৰ গৰমে ভংগ কৰিছে শতাব্দীজোৰা অভিলেখ। এই ক্ষেত্ৰত বৰ্দ্ধিত উষ্ণতাতকৈও অধিক উদ্বেগজনক হৈ উঠিছে ভয়াবহ গ্ৰীষ্ম প্ৰবাহ। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে প্ৰশান্ত আৰু আটলাণ্টিক মহাসাগৰত সংঘটিত জলবায়বীয় ঘটনাৱলীয়েই এইবাৰৰ এই গ্ৰীষ্মপ্ৰবাহৰ বাবে দায়ী।

ভাৰতক দহী যোৱা এই গ্ৰীষ্ম প্ৰবাহক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে খোদ ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰংঘৰ মতে অন্যান্য প্ৰাকৃতিক কাৰকসমূহৰ উপৰি মানবসৃষ্ট প্ৰদূষণেও ভাৰতত গ্ৰীষ্মপ্ৰবাহৰ অধিক উষ্ণ, প্ৰসাৰিত আৰু নিয়মীয়া কৰি তুলিছে, যিয়ে জীৱন কৰি তুলিছে অধিক অসহনীয়। লক্ষ্যণীয়ভাবে বিশ্বৰ আটাইতকৈ উষ্ণ দেশসমূহৰ ভিতৰত অন্যতম হৈছে ভাৰত আৰু পাতিস্তান। আনহাতে দুয়োখন দেশ বিশ্বৰ সৰ্বাধিক লেতেৰা দেশসমূহৰো অন্যতম। বিশ্বৰ প্ৰথম দহখন প্ৰদূষিত মহানগৰীৰ তালিকাত আছে দিল্লী আৰু মুম্বাই। বিশ্বৰ সৰ্বাধিক প্ৰদূষিত ১০০খন ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ তলিকাতো এপৰফালে থাকে দিল্লীৰ নাম। এনে অবস্থাত দেশে অবধাৰিতভাবে সোমাই গৈছে বৰ্দ্ধিত উষ্ণতা আৰু ভয়াবহ গ্ৰীষ্মপ্ৰবাহৰ গৰাহত। সেয়ে, বিশেষজ্ঞসকলৰ মতে, স্বচ্ছতা আৰু ব্যাপক বনানীকৰণৰ কোনো বিকল্প এই মূহূৰ্ত্বত নাই ভাৰতবাসীৰ সন্মুখত। যদিহে ভাৰতীবাসীয়ে অনাগত দিনবোৰত স্বচ্ছতাৰ অনুশীলন, বনানীকৰণ আৰু প্ৰদূষণ ৰোধৰ স্বাৰ্থত জীৱনশৈলীৰ পৰিবৰ্তন নঘটাই, তেনেহ’লে দেশৰ গ্ৰীষ্মকালীন পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যাব আৰু মানুহ জীয়াই থাকিব লাগিব আক্ষিৰিক অৰ্থতেই নৰক যান্ত্ৰনাৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...