আফগানিস্তানত অপহৃত ভাৰতীয় সকলক মুকলি

শনিবাৰে পুৱা আফগানিস্তানৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৱৰ্তী এটা অঞ্চলৰ পৰা অপহৃত হোৱা সকলো ভাৰতীয়ক বৰ্তমান মুকলি কৰি দিয়া হৈছে আৰু এতিয়া তেওঁলোকক কাবুল বিমানবন্দৰলৈ লৈ যোৱা হৈছে। এক বিবৃতিযোগে এই কথা ব্যক্ত কৰিছে তালিবানে।

দেশখন তালিবানৰ দখললৈ যোৱাৰ পিছত আফগানিস্তানত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে, শনিবাৰে তালিবানে প্ৰায় ১৫০জন ভাৰতীয় নাগৰিকক কাবুল বিমানবন্দৰৰ গেটৰ বাহিৰৰ পৰা উঠাই নিয়াৰ বাতৰি ওলাইছিল।

ইফালে, Etilaatroz আৰু কাবুল নাওৰ সৈতে কাম কৰি থকা জাকি দৰিয়াবী নামৰ এগৰাকী সাংবাদিকে দাবী কৰিছে যে, কাবুলৰ বিমানবন্দৰৰ পৰা ভাৰতীয়সকলক অপহৰণ কৰা হৈছিল। অৱশ্যে, তেওঁ এইবুলিও কৈছিল যে তেওঁলোক সকলোকে বিমানবন্দৰৰ সমীপৱৰ্তী এটা গেৰেজত ৰখা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...