আফগানিস্তানত অপহৃত ভাৰতীয় সকলক মুকলি

শনিবাৰে পুৱা আফগানিস্তানৰ হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৱৰ্তী এটা অঞ্চলৰ পৰা অপহৃত হোৱা সকলো ভাৰতীয়ক বৰ্তমান মুকলি কৰি দিয়া হৈছে আৰু এতিয়া তেওঁলোকক কাবুল বিমানবন্দৰলৈ লৈ যোৱা হৈছে। এক বিবৃতিযোগে এই কথা ব্যক্ত কৰিছে তালিবানে।

দেশখন তালিবানৰ দখললৈ যোৱাৰ পিছত আফগানিস্তানত চলি থকা ৰাজনৈতিক সংকটৰ মাজতে, শনিবাৰে তালিবানে প্ৰায় ১৫০জন ভাৰতীয় নাগৰিকক কাবুল বিমানবন্দৰৰ গেটৰ বাহিৰৰ পৰা উঠাই নিয়াৰ বাতৰি ওলাইছিল।

ইফালে, Etilaatroz আৰু কাবুল নাওৰ সৈতে কাম কৰি থকা জাকি দৰিয়াবী নামৰ এগৰাকী সাংবাদিকে দাবী কৰিছে যে, কাবুলৰ বিমানবন্দৰৰ পৰা ভাৰতীয়সকলক অপহৰণ কৰা হৈছিল। অৱশ্যে, তেওঁ এইবুলিও কৈছিল যে তেওঁলোক সকলোকে বিমানবন্দৰৰ সমীপৱৰ্তী এটা গেৰেজত ৰখা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...