ৰেচন পাবলৈ আধাৰ কাৰ্ড বাধ্যতামূলক

শনিবাৰে জনতা ভৱনত যোগান মন্ত্ৰী ৰঞ্জিত দাসে এক সংবাদমেল সম্বোধন কৰে। এই সংবাদ মেলত প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা সম্পৰ্কত কেইবাটাও সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

  • মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি এতিয়াৰে পৰা এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈছে অসম।
  • ৰাজ্যৰ ভুৱা হিতাধিকাৰী সকলক চিনাক্ত কৰা হ’ব
  • অসাধু ব্যক্তিয়ে ৰেচন কাৰ্ডৰ যোগেদি সামগ্ৰী লৈ আহিছিল
  • এতিয়াৰ পৰা ৰাজ্যত Bio Matric পদ্ধতি প্ৰয়োগ কৰা হ’ব
  • ৩৩৯৭৮খন সুলভ মূল্যৰ দোকানৰ যোগেদি সামগ্ৰী দিয়া হ’ব
  • আজিৰে পৰা অত্যাধুনিক মেচিন ব্যৱহাৰ হ’ব যোগান বিভাগত
  • অসমত মুঠ ৫৮,৯০,৯২৯টা পৰিয়ালে এই সুবিধা লৈ আহিছিল
  • ২কোটি ৫০লাখ ৫১ হাজাৰ ৮৭৮খন কাৰ্ড ইছ্যু কৰা হৈছে
  • ইতিমধ্যে ১লাখ লোকে নিজৰ ৰেচন কাৰ্ড ঘূৰাই দিছে
  • ১ লাখ ২৬ হাজাৰ ১২৩জন লোকৰ ভুৱা ৰেচন কাৰ্ড বাতিল হৈছে
  • এতিয়াৰে পৰা দেশৰ যিকোনো স্থানত ৰেচন সংগ্ৰহ কৰিব পাৰিব
  • ৰেচন পাবলৈ হ’লে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছে
  • এই পৰ্যন্ত অসমত২৮ শতাংশ লোকেহে আধাৰ কাৰ্ড বনাইছে
  • অসমত Electronic Point of Sell Device ব্যৱহাৰ হ’ব
  • এই মেচিনৰ যোগেদি দেশৰ যিকোনো স্থানৰ পৰা ৰেচন ল’ব পাৰিব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...