তালিবানক সমৰ্থন কৰি গ্ৰেপ্তাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ

সামাজিক মাধ্যমৰ জৰিয়তে তালিবানৰ পাশৱিক আৰু অমানৱীয় কাণ্ডৰ সমৰ্থনত পোষ্ট দি ৰঙা ঘৰলৈ এজন ছাত্ৰ। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ MBBSৰ তৃতীয় বৰ্ষৰ ছাত্ৰ নাডিম আখটাৰক শুকুৰবাৰে হাইলাকান্দি জিলাৰ নিজা বাসগৃহৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিমধ্যে, হাইলাকান্দি থানাত পঞ্জীয়নভূক্ত গোচৰৰ বিপৰীতে ধৃত নাডিমৰ ওপৰত তদন্ত আৰম্ভ কৰিছে বুলি শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱটে আজি সাংবাদিকৰ আগত সদৰি কৰিছে।

ইফালে, শোণিতপুৰ আৰক্ষীয়ে আফ্ৰিকা আৰু আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ভুৱা টেলিফোন নম্বৰ ব্যৱহাৰ কৰি ঢেকিয়াজুলিৰ এগৰাকী যুৱতীলৈ অশ্লীল ফটো প্ৰেৰণ কৰি যুৱতী গৰাকীক ব্লেক মেইল কৰাৰ অভিযোগত ওৱাহিদ আলম নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...