গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ খেলাৰ বাবে আজি গুৱাহাটীত উপস্থিত হৈছে ৰাজস্থান ৰয়েলছ৷ জয়পুৰৰ পৰা স্পাইছজেটৰ বিশেষ বিমানযোগে বিয়লি ৩.৪৫ বজাত দলটো বৰঝাৰৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নতুন টাৰ্মিটেনলত উপস্থিত হয়৷ মহানগৰীৰ শতাধিক ছাত্ৰ-ছাত্ৰী তথা অনুৰাগীয়ে ‘হাল্লা বল’ৰ ঝংকাৰৰ সুৰত ৰয়েলছৰ জাৰ্ছি পিন্ধি তথা দলৰ গোলাপী ফ্লেগ হাতত লৈ প্ৰিয় তাৰকাসকলক ৰাজকীয় আদৰণি জনায়৷ বিমান বন্দৰৰ পৰা দুখন বিশেষ বাচেৰে দলটোক তাজ বিভাণ্টালৈ লৈ আনে নিৰাপত্তাৰক্ষীয়ে৷ দলৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাসহ অন্য ছাপ’ৰ্ট ষ্টাফ তথা ক্ৰিকেটাৰসকল গুৱাহাটীত উপস্থিত হৈছে যদিও অধিনায়ক ৰিয়ান পৰাগ আজি অহা নাই। IPLৰ কেপ্টেইন মীটৰ অনুষ্ঠানত অংশ লোৱাৰ বাবে ৰিয়ান আজি দলৰ লগত আহিব নোৱাৰিলে৷ কাইলৈ নিশা গৃহভূমিত উপস্থিত হ’ব অসম সন্তান ৰিয়ান।

উল্লেখ্য যে, অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা IPLৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব। সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব। আনহাতে, অহা ৭ এপ্ৰিলত ACA ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব ৫বাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ। ইফালে, বিগত IPLৰ চেম্পিয়ন RCBয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...