কাবুল বিমানবন্দৰৰ সমীপত শতাধিক ভাৰতীয়ক অপহৰণ; অভিযোগ খণ্ডন তালিবানৰ

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি শনিবাৰে পুৱা হামিদ কাৰজাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰৰ এটা অঞ্চলৰ পৰা স্থানান্তৰৰ বাবে অপেক্ষা কৰি থকা প্ৰায় ১৫০জন লোকক অপহৰণ কৰাৰ কথা পোহৰলৈ আহিছিল, যাৰ ভিতৰত বেছিভাগ ভাৰতীয় নাগৰিক আছিল বুলি সন্দেহ কৰা হৈছিল।

অৱশ্যে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এতিয়ালৈকে বিষয়টো সম্পৰ্কে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই প্ৰতিবেদনটোত দাবী কৰা হৈছে যে, অপহৃত লোকসকলক এটা অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছে আৰু তেওঁলোকৰ ফোনবোৰো জব্দ কৰা হৈছে।

স্পুটনিকৰ হৃষীকেশ কুমাৰৰ মতে, অপহৃত সকলৰ ভিতৰত কেইবাজনো আফগান শিখ আৰু নাগৰিক আছিল কিন্তু বেছিভাগেই সাধাৰণ ভাৰতীয় আছিল। মহিলা আৰু শিশুসহ লোকসকল পুৱা ১ বজাত বিমানবন্দৰত উপস্থিত হৈছিল কিন্তু প্ৰৱেশ কৰিব পৰা নাছিল।

কুমাৰে জনাইছিল যে তাৰ পিছতে, তালিবানী সদস্য সকল আহি তেওঁলোকৰ কিছুমানক প্ৰহাৰ কৰিছিল আৰু সকলোকে কাবুলৰ টাৰ্খিললৈ লৈ গৈছিল। কিছু সংখ্যকে চলন্ত গাড়ীখনৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল, কুমাৰে জনায়।

অৱশ্যে, তালিবানৰ মুখপাত্ৰ আহমেদুল্লাহ ৱাছেকে কাবুলৰ পৰা প্ৰায় ১৫০জন ভাৰতীয় নাগৰিকৰ অপহৰণৰ অভিযোগ নাকচ কৰিছে। ভাৰতীয় বায়ু সেনাই ইয়াৰ চি-১৩০জে পৰিবহণ বিমানত কাবুলৰ পৰা ৮৫জনতকৈও অধিক ভাৰতীয় নাগৰিকক স্থানান্তৰ কৰিবলৈ সক্ষম হোৱাৰ কেইঘণ্টামান পিছত এই খবৰ বিয়পি পৰিছিল।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...