ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ ৯০০ কি:মি: চাইকেল যাত্ৰা

৭৫তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অমৃত মহোৎসৱৰ অংশ স্বৰূপে ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ এটা দলে চাইকেলেৰে অতিক্ৰম কৰিছে দীৰ্ঘ দুৰত্ব। আই টি বিপিৰ জোৱানৰ এটা দলে স্বাধীনতা দিৱসৰ দিনা “যোদ্ধা স্বাগতম” শীৰ্ষক প্ৰায় ৯০০ কিলোমিটাৰ যোৰা এক দীঘলীয়া ৰেলীত অংশগ্ৰহণ কৰিছিল।

অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা শিলিগুৰীলৈ প্ৰায় ৯০০ কিলোমিটাৰ যোৰা এক দীঘলীয়া যাত্ৰা কৰা দলটো শনিবাৰে পুৱা মহানগৰীৰ সোণাপুৰৰ যোগদলস্থিত ৩৩নং আই টি বি পিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। ২১ জনীয়া দলটোক উষ্ম আদৰণি জনায় বেটেলিয়নটোৰ শীৰ্ষ বিষয়াসকলে। এই অনুষ্ঠানত উপস্থিত থাকে আই টি বিপিৰ জোৱানসকলৰ লগতে সহঃ অধিনায়ক চময় চোপ্ৰা, দ্বিতীয় অধিনায়ক সুবেশ সিং ৰাণাকে ধৰি কেইবাজনো শীৰ্ষ বিষয়া কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...