UBER কাপত দুই অসম কন্যা অস্মিতা-ঈশাৰাণীৰ চমক

অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ গৌৰৱময় চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতে বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপত জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ চীনৰ চেংডুত শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ গ্ৰুপ ‘এ’ খেলত ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে৷

উল্লেখ্য যে শীৰ্ষস্থানৰ একক আৰু ডাবলছ খেলুৱৈৰ অনুপস্থিতিত এছিয়ান চেম্পিয়ন ভাৰতীয় দলক এইবাৰ উবেৰ কাপত নেতৃত্ব দিছে অসম কন্যা অস্মিতাই৷ ভাৰতীয় বেডমিণ্টনৰ নৱ তাৰকা অস্মিতাই প্ৰথমখন মেচতে অঘটন সৃষ্টি কৰি জয়ৰে ইতিবাচক আৰম্ভনি কৰে লগতে চাপত থকা যুৱ দলটোৰ শিবিৰলৈ আত্মবিশ্বাস-দৃঢ়তা লৈ আনে৷

বিশ্ব ৰেংকিঙৰ ৫৩ নং স্থানত থকা বাওঁহাতৰ শ্বাটলাৰগৰাকীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি একক শাখাৰ প্ৰথমখন মেচত কানাডাৰ মিচেল লিক ৪২ মিনিটৰ সংঘৰ্ষত ২৬-২৪, ২৪-২২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি অঘটন ঘটায়৷ উল্লেখ্য যে লীৰ ৰেংকিং অস্মিতাতকৈ ২৮ টা স্থান ওপৰত৷

এই জয়ে ভাৰতীয় শিবিৰলৈ মানসিক দৃঢ়তা অনাৰ পাছতে প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰৰ ডাবলছ যুটিয়ে কানাডাৰ কেথেৰিন চয় আৰু জেছলিন চ’ক ২১-১২, ২১-১০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ ২-০ ত অগ্ৰগতি লয় ভাৰতীয় মহিলা দলে৷

ইয়াৰ পিছতে দ্বিতীয়খন একক শাখাৰ মেচত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে আন এগৰাকী অসম কন্যা ঈশাৰাণী বৰুৱাই৷ যোৱা এবছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত উজ্বলি উঠা ঈশাৰাণীয়ে ২৯ মিনিটতে কানাডাৰ ৱেন ইউ জাংক ২১-১৩, ২১-১২ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলৰ অগ্ৰগতি ৩-০ কৰে৷

প্ৰথম তিনিখন গেমছ পৰাস্ত হোৱাৰ পাছত কানাডাই প্ৰত্যাৱৰ্তন কৰি প্ৰথম পইণ্ট লাভ কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় ডাবলছ মেচত জেকী ডেণ্ট আৰু ক্ৰিষ্টাল লাইয়ে ভাৰতৰ ছিমৰন সিংহী আৰু ঋতিকা থাকাৰক ২১-১৯, ২১-১৫ ত পৰাস্ত কৰে৷ কিন্তু চতুৰ্থ মেচত পুনৰ ভাৰতীয় দলক বিজয় দি মেচ দখলৰ গৌৰৱ দিয়ে এছিয়ান টিম চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী ভাৰতীয় দলৰ তাৰকা অনমোল খাৰাবে৷ একক শাখাৰ মেচখনত ইলিয়ানা জাঙৰ বিৰুদ্ধে ২১-১৫, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰে অনমোলে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...