UBER কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত

0 31

নৱাগত শ্বাটলাৰৰে গঠিত ভাৰতৰ মহিলা দলে চলিত বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰি চমক সৃষ্টি কৰিছে৷ উল্লেখ্য যে চীনৰ চেংডুত চলি থকা প্ৰতিযোগিতাখনত ভাৰতৰ মহিলা দলটোৱে ক্ৰমাগত দ্বিতীয়খন গ্ৰুপ মেচতো জয়লাভ কৰি দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে৷ অহা মঙলবাৰে ভাৰত অন্তিমখন গ্ৰুপ মেচত ঘৰুৱা দল শক্তিশালী চীনৰ মুখামুখি হ’ব যদিও অসম কন্যা অস্মিতা চলিহাই নেতৃত্ব দিয়া দলটোৰ বাবে দুদিন পূৰ্বেই সেই মেচখনৰ ফলাফল কাৰ্যতঃ গুৰুত্বহীন হৈ পৰিছে৷

প্ৰতিযোগিতাৰ গ্ৰুপ ‘এ’ আজি হোৱা দ্বিতীয়খন খেলত ভাৰতৰ মহিলা দলটোৱে ছিংগাপুৰৰ বিৰুদ্ধে পুনৰ ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে৷ অৱশ্যে আজি একক শাখাৰ প্ৰথম মেচত অসমৰ অস্মিতা পৰাজয়ৰ সন্মুখীন হয়৷ অস্মিতাক ১৫-২১, ১৮-২১ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ছিংগাপুৰক ১-০ ৰ অগ্ৰগতি দিয়ে ইয়’ জিয়া মিনে৷

কিন্তু এই পৰাজয়ে ভাৰতীয় দলটোৰ মানসিক দৃঢ়তাত আঘাত কৰিব নোৱাৰিলে৷ দ্বিতীয়খন মেচতে সফল পত্যাৱৰ্তন কৰে ভাৰতে৷ ডাবলছৰ প্ৰথমখন মেচত ৰাষ্ট্ৰীয় চেম্পিয়ন প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰই ছিংগাপুৰৰ যুটি জিয়াও এন হেং আৰু ইউ জিয়া জিনৰ বিৰুদ্ধে ২১-১৫, ২১-১৬ ৰ পোনপটীয়া ব্যৱধানত জয়লাভ কৰি সমতা স্থাপন কৰে৷

ইয়াৰ পিছতে আত্মবিশ্বাসৰে কৰ্টত প্ৰৱেশ কৰে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা দেশৰ আন এগৰাকী প্ৰতিভাবান শ্বাটলাৰ অসম কন্যা ঈশাৰাণী বৰুৱা৷ দ্বিতীয়খন একক শাখাৰ মেচত ঈশাৰাণীয়ে ইনছিৰাহ খানক ২১-১৩, ২১-১৬ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি এছিয়ান চেম্পিয়ন ভাৰতীয় মহিলা দলক ২-১ ৰ অগ্ৰগতি দিবলৈ সক্ষম হয়৷ উল্লেখ্য যে গোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত দলীয় সোণৰ পদক জয় কৰাৰ পাছৰে পৰাই যোৱা এবছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত উজ্বলি উঠা ঈশাৰাণীক আজিৰ মেচখন জয় কৰিবলৈ মাত্ৰ ৩১ মিনিটহে প্ৰয়োজন হৈছিল৷

এই মেচৰ পৰাজয়ৰ পাছতে ছিংগাপুৰ স্বাভাৱিকতে চাপৰ সন্মুখীন হোৱাত ভাৰতে পৰৱৰ্তী দূয়োখন খেলতে জয়লাভ কৰিবলৈ সক্ষম হয়৷ ডাবলছৰ দ্বিতীয়খন মেচত প্ৰাক্তন জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ছিমৰন সিংঘী আৰু ঋতিকা থাকাৰে য়ি টিং এলছা লাই আৰু মিচেল জানৰ বিৰুদ্ধে ২১-৮, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰাৰ পাছত অনমোল খাৰাবে তৃতীয়খন একক তথা আৰু অন্তিমখন মেচত লি ছিন য়ি মেগানক ২১-১৫, ২১-১৩ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰোৱায়৷

উল্লেখ্য যে ইয়াৰপূৰ্বে দুই অসম কন্যা অস্মিতা আৰু ঈশাৰাণীৰ গৌৰৱময় চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতে প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰি উবেৰ কাপত জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছিল৷ ইফালে, উবেৰ কাপৰ সফলতাৰ লগতে থমাছ কাপতো জয়ৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় পুৰুষ দলটোৱে৷

বিগত বৰ্ষৰ চেম্পিয়ন ভাৰতে প্ৰথমখন গ্ৰুপ মেচত থাইলেণ্ডক ৩-১ ত পৰাস্ত কৰে৷ এইছ এছ প্ৰনয় উদ্বোধনী একক শাখা খেলত পৰাস্ত হয় যদিও চিৰাগ শ্বেট্টী আৰু সাতৱিকছাইৰাজ ৰেংকিৰেডীয়ে ডাবলছত জয়লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত লক্ষ্য সেনে দ্বিতীয়খন একক শাখাৰ মেচত জয়ী হৈ ভাৰতক অগ্ৰগতি প্ৰদান কৰে৷

ডাবলছৰ দ্বিতীয়খন মেচত ভাৰতৰ এম আৰ অৰ্জুন আৰু ধ্ৰুৱ কপিলাই জয় অৰ্জন কৰি দলৰ প্ৰত্যাশিত আৰম্ভনি কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল৷

Leave A Reply

Your email address will not be published.