UBER কাপত দুই অসম কন্যা অস্মিতা-ঈশাৰাণীৰ চমক

0 32

অসমৰ দুই প্ৰতিভাবান মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু ঈশাৰাণী বৰুৱাৰ গৌৰৱময় চমকপ্ৰদ প্ৰদৰ্শনৰে ভাৰতে বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতা উবেৰ কাপত জয়ৰে নিজৰ অভিযান আৰম্ভ কৰিছে৷ চীনৰ চেংডুত শনিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ গ্ৰুপ ‘এ’ খেলত ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন মেচত কানাডাৰ বিৰুদ্ধে ৪-১ ৰ ব্যৱধানত জয়লাভ কৰে৷

উল্লেখ্য যে শীৰ্ষস্থানৰ একক আৰু ডাবলছ খেলুৱৈৰ অনুপস্থিতিত এছিয়ান চেম্পিয়ন ভাৰতীয় দলক এইবাৰ উবেৰ কাপত নেতৃত্ব দিছে অসম কন্যা অস্মিতাই৷ ভাৰতীয় বেডমিণ্টনৰ নৱ তাৰকা অস্মিতাই প্ৰথমখন মেচতে অঘটন সৃষ্টি কৰি জয়ৰে ইতিবাচক আৰম্ভনি কৰে লগতে চাপত থকা যুৱ দলটোৰ শিবিৰলৈ আত্মবিশ্বাস-দৃঢ়তা লৈ আনে৷

বিশ্ব ৰেংকিঙৰ ৫৩ নং স্থানত থকা বাওঁহাতৰ শ্বাটলাৰগৰাকীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি একক শাখাৰ প্ৰথমখন মেচত কানাডাৰ মিচেল লিক ৪২ মিনিটৰ সংঘৰ্ষত ২৬-২৪, ২৪-২২ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি অঘটন ঘটায়৷ উল্লেখ্য যে লীৰ ৰেংকিং অস্মিতাতকৈ ২৮ টা স্থান ওপৰত৷

এই জয়ে ভাৰতীয় শিবিৰলৈ মানসিক দৃঢ়তা অনাৰ পাছতে প্ৰিয়া কনজেংবাম আৰু শ্ৰুতি মিশ্ৰৰ ডাবলছ যুটিয়ে কানাডাৰ কেথেৰিন চয় আৰু জেছলিন চ’ক ২১-১২, ২১-১০ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ ২-০ ত অগ্ৰগতি লয় ভাৰতীয় মহিলা দলে৷

ইয়াৰ পিছতে দ্বিতীয়খন একক শাখাৰ মেচত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰে আন এগৰাকী অসম কন্যা ঈশাৰাণী বৰুৱাই৷ যোৱা এবছৰ ধৰি ৰাষ্ট্ৰীয় তথা আন্তৰ্জাতিক প্ৰতিযোগিতাত উজ্বলি উঠা ঈশাৰাণীয়ে ২৯ মিনিটতে কানাডাৰ ৱেন ইউ জাংক ২১-১৩, ২১-১২ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰি ভাৰতীয় দলৰ অগ্ৰগতি ৩-০ কৰে৷

প্ৰথম তিনিখন গেমছ পৰাস্ত হোৱাৰ পাছত কানাডাই প্ৰত্যাৱৰ্তন কৰি প্ৰথম পইণ্ট লাভ কৰিবলৈ সক্ষম হয়৷ দ্বিতীয় ডাবলছ মেচত জেকী ডেণ্ট আৰু ক্ৰিষ্টাল লাইয়ে ভাৰতৰ ছিমৰন সিংহী আৰু ঋতিকা থাকাৰক ২১-১৯, ২১-১৫ ত পৰাস্ত কৰে৷ কিন্তু চতুৰ্থ মেচত পুনৰ ভাৰতীয় দলক বিজয় দি মেচ দখলৰ গৌৰৱ দিয়ে এছিয়ান টিম চেম্পিয়নশ্বিপৰ স্বৰ্ণজয়ী ভাৰতীয় দলৰ তাৰকা অনমোল খাৰাবে৷ একক শাখাৰ মেচখনত ইলিয়ানা জাঙৰ বিৰুদ্ধে ২১-১৫, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰে অনমোলে৷

Leave A Reply

Your email address will not be published.