বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন বনকৰ্মীৰ

হাতী-মানুহৰ সংঘাতে পাইছেগৈ চৰম পৰ্যায়
ঢেকীয়াজুলিত সংঘটিত হ’ল শোকাৱহ ঘটনা
বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল দুজন বনকৰ্মীৰ

ঢেকিয়াজুলিৰ ধীৰাইমাজুলীত বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত৷ যতীন তাঁতি নামৰ এজন লোকক নিশা আক্ৰমণ কৰিছিল বনৰীয়া হাতীয়ে। সেই খবৰ পায়েই ধীৰাইমাজুলীলৈ ৰাওনা হৈছিল বনকৰ্মীৰ এটা দল। হাতীটোক নিয়ন্ত্ৰণৰ চেষ্টা চলালে বনকৰ্মীয়ে। তেতিয়াই হাতীটোৱে আক্ৰমণ কৰিলে দুজন বনকৰ্মীক।

কোলেশ্বৰ বড়ো আৰু বীৰেণ ৰাভা। হাতীৰ গছকত থিতাতে নিহত দুয়োজন বনকৰ্মী। আমাৰীবাৰী ৰেঞ্জৰ বনকৰ্মী দুজনৰ মৃত্যুত কান্দোনৰ ৰোল উঠিছে পৰিয়ালত। ইপিনে হাতীৰ আক্ৰমণত প্ৰাণ যোৱা যতীন তাঁতীৰ ঘৰতো শোকৰ ছাঁ। দৰিদ্ৰ পৰিয়ালটো বহু কষ্ট কৰি পোহপাল দিছিল যতীন তাঁতীয়ে। ঘটনাস্থলীত উপস্থিত হৈছেগৈ বন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া। যতিন তাঁতি নামৰ লোকজনৰ দুৰ্ভগীয়া পৰিয়ালক ১০ হাজাৰ টকাৰ সাহাৰ্য আগবঢ়ায় বনবিভাগে৷ ঘটনাস্থলীত উপস্থিত বৰচলাৰ বিধায়ক গনেশ লিম্বু।

অতিৰিক্ত বাহিনী নিয়োগ কৰিব লাগে এই স্থানত। কাৰণ হাতী উগ্ৰ। প্ৰাণ লৈছে ইজনৰ পাছত সিজনৰ। সাধাৰণ লোকৰ টোপন হৰিছে বনৰীয়া হাতীয়ে। শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...