তিতাবৰত মানৱ সমাজক লজ্জানত কৰা ঘটনা

0 349

ৰাজ্যত পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা। সভ্য সমাজক জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে এইখন অসমতে। এইবাৰৰ ঘটনা তিতাবৰৰ। তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ চিকিৎসালয়ৰ সমীপত উদ্ধাৰ এটি নৱজাতক। চিকিৎসালয়ৰ পিছফালৰ হাবিত উদ্ধাৰ নৱজাতকটি। এগৰাকী বৃদ্ধাই প্ৰথমতে নৱজাতকটিৰ কান্দোন শুনা পাই, তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈকে নৱজাতকটি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। স্থানীয় লোক আৰু বান্দৰচলিয়া আৰক্ষীৰ তৎপৰতাত নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

Leave A Reply

Your email address will not be published.