আজি ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

0 42

চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৪] ৰ শীৰ্ষস্থানত থকা ৰাজস্থান ৰয়েলছে কাইলৈ লক্ষ্ণৌত ঘৰুৱা দল লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে নিজৰ নৱম মেচখনত অংশ ল’ব৷ উল্লেখ্য যে আই পি এলৰ প্ৰথম বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্ট দলক পৰাস্ত কৰিয়েই চিজনৰ প্ৰত্যাশিত আৰম্ভনি কৰিছিল৷

জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত খেলা ছিজনৰ প্ৰথম মেচখনত ৰয়েলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ২০ ৰাণত পৰাস্ত কৰিছিল৷ উক্ত মেচখনত ৰাজস্থান ৰয়েলছৰ হৈ অধিনায়ক সঞ্জু ছেমছনে অপৰাজিত ৮৩ আৰু অসম সন্তান ৰিয়ান পৰাগে অনবদ্য ৪৩ ৰাণ কৰি দলৰ বিজয়ত মুখ্য ভূমিকা লৈছিল৷ কাইলৈৰ মেচতো ৰাজস্থান ৰয়েলছে নিজৰ সফলতাৰ ধাৰাবাহিকতা অব্যাহত ৰখিব বুলি আজি সংবাদমেলত ব্যক্ত কৰিছে দলৰ আন এজন প্ৰতিভাবান তাৰকা তথা টীম ইণ্ডিয়াৰ টেষ্ট দলৰ উইকেটৰক্ষক বেটাৰ ধ্ৰুৱ জুৰেলে৷

‘চলিত ছিজনত এতিয়ালৈকে আমি খেলা আঠখন মেচৰ সাতখনতে জয়লাভ কৰিছো৷ আনহাতে, আমি জয়ী হোৱা সাতখন মেচৰ প্ৰতিখনৰে মেন অৱ দ্য মেচ পৃথক৷ অৰ্থাৎ সাতখন মেচৰ সাতজন মেন অৱ দ্য মেচ৷ এই কথাটোৱে প্ৰতিফলিত কৰে যে দলীয় শক্তিৰে আমি সফলতা লাভ কৰিবলৈ সক্ষম হৈছো৷ আমি এই ধাৰা বাকী থকা মেচতো অব্যাহত ৰাখিবলৈ দৃঢ়৷’ জুৰেলে কয়৷

উল্লেখ্য যে লক্ষ্ণৌ জুৰেলৰ গৃহ ষ্টেডিয়াম৷ উত্তৰ প্ৰদেশৰ জুনিয়ৰ তথা বৰ্তমান ৰঞ্জী দলৰ সদস্য জুৰেল ২০২০ চনৰ আই চি চি ১৯ অনুধ্বৰ্ বিশ্বকাপৰ ৰানাৰ্ছআপ ভাৰতীয় দলৰ সহঃঅধিনায়ক আছিল৷ ২০২২ চনত ৰাজস্থান ৰয়েলছত যোগ দিয়া উইকেটৰক্ষক বেটাৰগৰাকীয়ে যোৱা বছৰ গুৱাহাটীত হোৱা প্ৰথমখন আই পি এলত মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে এ চি এ ষ্টেডিয়ামত অভিষেক কৰিছিল৷ আনহাতে, চলিত বৰ্ষতে ইংলণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলৰ হৈ উইকেটৰক্ষক বেটাৰ হিচাপে আন্তৰ্জাতিক অভিষেক কৰে৷

কিন্তু ৰাজস্থান ৰয়েলছ দলত জুৰেল উইকেটৰক্ষকৰ দায়িত্বত নাই৷ এই সম্পৰ্কত প্ৰশ্ন কৰাত জুৰেলে কয়, ‘বিষয়টো লৈ মই মুঠেও দুখিত নহয়৷ মই ফিল্ডিং কৰিও মেচ উপভোগ কৰো, আৰু সেয়া মোৰ সৰুৰে পৰা প্ৰিয়৷ দলক প্ৰতিখন মেচতে মোৰ খেলপথাৰৰ প্ৰদৰ্শনৰে সহায় কৰা তথা জয়লাভ কৰাৰ আনন্দ মোৰ বাবে বেচি গুৰুত্বপূৰ্ণ৷’

উল্লেখযোগ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এতিয়ালৈকে খেলা আঠখন মেচৰ সাতখনতে জয়ী হৈ ১৪ পইণ্টৰে টেবুলৰ শীৰ্ষত থাকি প্লে অফত স্থান লাভৰ দিশে অগ্ৰসৰ হৈছে৷ ৰাজস্থান ৰয়েলছে এতিয়া চাৰিখন মেচ ক্ৰমে লক্ষ্ণৌ, হায়দৰাবাদ, নতুন দিল্লী আৰু চেন্নাইত খেলিব৷ বাহিৰত খেলিব লগা এই চাৰিখন মেচৰ সফলতাই দলৰ প্ৰে-অফ নিশ্চিত কৰিব৷

কিন্তু ৰয়েলছৰ বাবে গুৰুত্বপূৰ্ণ বিষয়টো হ’ল দলটোৱে অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ স্মৰ্তব্য যে সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ ইতিমধ্যে দূয়োটা দলকে ৰয়েলছে পৰাস্ত কৰিছে৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

Leave A Reply

Your email address will not be published.