থমাছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় পুৰুষ দল

ভাৰতৰ মহিলা দলে চলিত উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ পাছত চীনৰ চেংডুত চলি থকা বিশ্ব বেডমিণ্টনৰ সন্মানীয় প্ৰতিযোগিতাখনত আজি ভাৰতৰ পুৰুষ দলটোৱেও থমাছ কাপৰ কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷

গ্ৰুপ ‘চি’ৰ নিজৰ দ্বিতীয় খেলখনত আজি ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰে৷ ইয়াৰপূৰ্বে প্ৰথমখন খেলত থাইলেণ্ডক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া ইণ্ডোনেছিয়াৰ বিৰুদ্ধে গ্ৰুপ চেম্পিয়ন নিৰ্ণয় কৰিব লগা অন্তিম মেচখন খেলিব৷

আজি একক শাখাৰ প্ৰথমখন মেচত বিশ্বৰ নৱম স্থানৰ খেলুৱৈ এইচ এছ প্ৰনয়ে হেৰী হুয়াঙৰ বিৰুদ্ধে ২১-১৫, ২১-১৫ ৰ ব্যৱধানত জয়লাভ কৰি প্ৰত্যাশিত আৰম্ভনি কৰাৰ পাছত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী সাতৱিকছৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে বেন লেন আৰু শ্বেন ভেণ্ডীক এঘণ্টা পাঁচ মিনিট ধৰি চলা তিনিটা ছেটৰ মেচত ২১-১৭, ১৯-২১, ২১-১৫ ৰ ব্যৱধানত পৰাস্ত কৰে৷

ইফালে, আজিৰ মেচত লক্ষ্য সেনক জিৰণি দিয়াৰ সিদ্ধান্ত লোৱাৰ বাবে দ্বিতীয়খন একক শাখাৰ মেচত অংশ লয় কিদাম্বী শ্ৰীকান্তে৷ প্ৰতিদ্বন্দ্বী নদীম দলভিৰ বিৰুদ্ধে ২১-১৬, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰি ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলৰ স্থান নিশ্চিত কৰি দিয়ে শ্ৰীকান্তে৷

কিন্তু দ্বিতীয়খন ডাবলছ মেচতো ভাৰতৰ জয়যাত্ৰা অব্যাহত থাকে৷ এম আৰ অৰ্জুন আৰু ধ্ৰুৱ কপিলা যুটিয়ে ৰ’ৰী ইষ্টন আৰু এলেক্স গ্ৰীণক ২১-১৭, ২১-১৯ ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে, একক শাখাৰ তৃতীয় তথা মেচৰ অন্তিমখন খেলত ভাৰতৰ কিৰণ জৰ্জে চোলন কায়নক ২১-১৮, ২১-১২ ৰ ব্যৱধানত হৰুৱায়৷

উল্লেখ্য যে ভাৰতীয় পুৰুষ দলটোৱে দুবছৰ পূৰ্বে থাইলেণ্ডত ইতিহাস সৃষ্টি কৰি ফাইনেলত শক্তিশালী ইণ্ডোনেছিয়াক ৩-০ ত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপৰ মুকুট পৰিধান কৰিছিল৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...