গুৱাহাটীত দুখনকৈ IPL মেচ, মহানগৰীত যুদ্ধকালিন প্ৰস্তুতি চলাইছে ৰাজস্থান ৰয়েলছে

0 65

অহা ১৫ আৰু¸ ১৯ মে’ত গুৱাহাটীত হ’বলগা আই পি এলৰ মেচ দুখনৰ বাবে সম্প্ৰতি যুদ্ধকালিন প্ৰস্তুতি চলিছে বৰ্ষাপাৰাৰ এ চি এ ক্ৰিকেট ষ্টেডিয়ামত৷ স্মৰ্তব্য যে সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীক দ্বিতীয় গৃহভূমি ৰূপে লোৱা ৰাজস্থান ৰয়েলছৰ বাবে এই দুখন মেচ হ’ব অন্তিম ঘৰুৱা মেচ৷

এতিয়ালৈকে খেলা নখন মেচৰ আঠখনতে জয়লাভ কৰি ১৬ পইণ্টৰে তালিকাৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছে অহা ১৩ মে’ত গুৱাহাটীত উপস্থিত হ’ব৷ কিন্তু গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত ৰয়েলছে ইতিমধ্যে দৰ্শকক আদৰণি জনোৱাৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে৷ এ চি এ ষ্টেডিয়ামত উপস্থিত থাকি ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে দলটোৰ পৰিচালনা সদস্যসকলৰ সৈতে বিভিন্ন প্ৰস্তুতিমূলক কামৰ উপাদানৰ ৰূপৰেখা আৰু কাৰ্যকৰী দিশ নিৰক্ষণ কৰিছে৷

দ্বিতীয়বাৰৰ বাবে ৰয়েলছ দল উত্তৰ-পূবলৈ ঘূৰি অহাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি আজি গুৱাহাটীত মেকক্ৰামে কয়, ‘আমি অতিশয় উৎফুল্লিত হৈছো যে এইবাৰ পুনৰ গুৱাহাটীলৈ ঘূৰি আহি দুখনকৈ ঘৰুৱা মেচ খেলিবলৈ আমি সাজু হৈছো৷ এ চি এ ক্ৰিকেট ষ্টেডিয়াম দেশৰ অন্যতম শ্ৰেষ্ঠ আৰু যোৱা ছিজনত আমাৰ খেলুৱৈসকলে গুৱাহাটীত উত্তৰ-পূবৰ অনুৰাগীৰ আবেগিক সমৰ্থকত এক সুন্দৰ পৰিৱেশত খেলি আনন্দিত হৈছিল৷ সেই পৰিৱেশ এইবাৰো সৃষ্টি কৰিবলৈ আমি ইতিমধ্যে কাম কৰিছো৷ আমাৰ সমৰ্থকসকলক কেনেদৰে খেল আৰু অন্যান্য দিশত আনন্দময় এক বাতাবৰণ যোগান ধৰিব পাৰো তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো৷’

আজি এ চি এ ষ্টেডিয়ামত প্ৰস্তুতিৰ বুজ লৈ মেকক্ৰামে লগতে কয়, ‘যোৱা বছৰ গুৱহাটীত হৈ যোৱা দূয়োখন মেচতে ইমানেই ইতিবাচক দিশ আছিল যে সেয়া স্বাভাৱিকতে আমাৰ বাবে স্মৰণীয়৷ অনুৰাগীৰ নিজৰ দলটোৰ প্ৰতি মৰম তথা সমৰ্থনত আমি আনন্দিত হৈছিলো৷ এইবাৰ অসম ক্ৰিকেট সন্থাই দৰ্শকৰ বাবে ষ্টেডিয়ামৰ আন্তঃগাঁথনি যথেষ্ট উন্নতি সাধন কৰিছে৷ নতুনকৈ আতিথি এলেকাৰ উন্নীতকৰণ কৰাৰ লগতে ষ্টেডিয়াম তথা সংবাদ মাধ্যমৰ সুবিধাসমূহো অত্যাধুনিক কৰিছে৷ এইবাৰ খেল উপভোগ কৰিবলৈ অহা দৰ্শকে পূৰ্বতকৈয়ো অধিক সা-সুবিধা লাভ কৰিব৷

ইফালে, ষ্টেডিয়ামৰ প্ৰস্তুতিৰ লগতে গুৱাহাটী চহৰতো আৰম্ভ হৈছে আই পি এলৰ ব্যাপক উৎসাহ৷ মহানগৰীৰ চিটি চেণ্টাৰ মলত বৰ্তমান ৰাজস্থান ৰয়েলছৰ অনুৰাগী জ’ন মুকলি কৰা হৈছে৷ অনুৰাগীয়ে ভিৰ কৰিছে চেলফি জ’নত৷ অগমেণ্টেড ৰিয়েলিটি জ’নৰ জৰিয়তে নিজৰ প্ৰিয় দলটোৰ সৈতে ঘনিষ্ঠ অনুভৱ কৰাৰ সুযোগ লাভ কৰিছে৷ প্ৰতিদিনে নিশা ন বজাৰ পৰা ১০ বজালৈ অনুৰাগীসকলে চিটি চেণ্টাৰ ভ্ৰমণ কৰি এক পৃথক অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ’ব৷

প্ৰস্তুতিৰ দৈনন্দিন পৰিকল্পনা আৰু নিৰীক্ষণৰ সৈতে ব্যাপকভাৱে জড়িত হৈ থকা ৰয়েলছৰ চিইঅ’গৰাকীয়ে আইপিএলৰ অভিজ্ঞতাক অনুৰাগীসকলৰ বাবে পূৰ্বতকৈ অধিক সুলভ কৰি তুলিবলৈ ফ্ৰেঞ্চাইজিয়ে পৰিকল্পনা কৰা পদক্ষেপসমূহৰ বিষয়েও বিশদভাৱে জনায়৷ তেওঁ কয়, ‘আমি গুৱাহাটীৰ লগতে অসম আৰু সমগ্ৰ উত্তৰ-পূবলৈ ৰয়েলছ ঘৰলৈ ঘূৰি অহাৰ সন্দৰ্ভত এক আনন্দময় পৰিৱেশ সৃষ্টিৰ বাবে একাধিক পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছো৷ আমি স্থানীয় মলৰ লগতে শিক্ষানুষ্ঠান, ৰেষ্টুৰেণ্ট আদিতো বিভিন্ন কাৰ্যসূচী হাতত ল’ম যাতে অনুৰাগীয়ে খেলপথাৰলৈ অহাৰ পূৰ্বে এক আনন্দময় পৰিৱেশৰ আভাষ লাভ কৰে৷’ ইফালে, ইফালে, গুৱাহাটীত হ’বলগা দূয়োখন মেচৰে টিকট অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰা হৈছে৷ ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ দৰ্শকে টিকট ক্ৰয় কৰিব পাৰিব৷ লিংক হ’ল ঃ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET00354767

Leave A Reply

Your email address will not be published.