তিতাবৰত মানৱ সমাজক লজ্জানত কৰা ঘটনা

ৰাজ্যত পুনৰ ভু-লুণ্ঠিত হ’ল মানৱতা। সভ্য সমাজক জোকাৰি যোৱা এক ঘটনা সংঘটিত হৈছে এইখন অসমতে। এইবাৰৰ ঘটনা তিতাবৰৰ। তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ চিকিৎসালয়ৰ সমীপত উদ্ধাৰ এটি নৱজাতক। চিকিৎসালয়ৰ পিছফালৰ হাবিত উদ্ধাৰ নৱজাতকটি। এগৰাকী বৃদ্ধাই প্ৰথমতে নৱজাতকটিৰ কান্দোন শুনা পাই, তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। অবৈধ মাতৃত্বৰ বোজা আঁতৰাবলৈকে নৱজাতকটি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। স্থানীয় লোক আৰু বান্দৰচলিয়া আৰক্ষীৰ তৎপৰতাত নৱজাতকটিক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...