আজি ৪ কুৰি ৯ বছৰত ভৰি দিলে কথা সাহিত্যিক ইমৰান শ্বাহে

✒️ জয়জ্যোতি গগৈ, শিৱসাগৰ

প্ৰসিদ্ধ কথা সাহিত্যিক ইমৰান শ্বাহে আজি সুদীৰ্ঘ চাৰিকুৰি ৮ বছৰীয়া বৰ্ণিল জীৱন পৰিক্ৰমা অন্ত পেলাই ভৰি দিলে ৮৯ সংখ্যক বছৰত। ‘বনবাসী’ৰ পৰা ‘লিহিৰিবন’লৈ এক দীঘলীয়া সাহিত্য সৃষ্টিৰ পৰিক্ৰমা অতিক্ৰম কৰা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা বঁটা, আজানপীৰ বঁটাপ্ৰাপক কথা সাহিত্যিক, পদ্মশ্ৰী ইমৰান শ্বাহৰ ওপজা দিনটোত আজি শিৱসাগৰ জিলা সাহিত্য সভাই অনুষ্ঠিত কৰিব বিশেষ অনুষ্ঠান।

উল্লেখ্য যে, ১৯৩৩ চনৰ ২৩ নৱেম্বৰত শিৱসাগৰ নগৰৰ ধাই আলিত জন্মলাভ কৰা অসমীয়া ভাষা-সাহিত্যৰ অন্যতম পুৰোধা ইমৰান শ্বাহে আশীৰ দেওনাৰ শেষ সীমাত ভৰি দিও যেন চিৰ তৰুণ। মুখত মিচিকিয়া হাঁহি, পিন্ধনত বগা পাইজামা-বনিয়ান, হাতত কোৰ-খন্তি লৈ এইজন চিৰ তৰুণ আজিও ব্যস্ত হৈ পৰে বাৰীৰ ফুল-পাচলিৰ আপডাল কৰাত। এইগৰাকী চিৰ তৰুণ সাধকে এতিয়াও হাতত কলম লৈ নিয়মীয়াকৈ বহে সৃষ্টিৰ সাধনাত। অশীতিপৰ ইমৰান শ্বাহে নতুনৰ সন্ধান কৰে ইণ্টাৰনেটৰ মাধ্যমত। ইণ্টাৰনেটৰ বিশাল বুকুত সন্ধান কৰে নতুন নতুন গ্ৰন্থৰ।

আনহাতে এইগৰাকী সাহিত্যিকে পৰিকল্পিতভাৱে বাস্তৱ ৰূপ দিবলৈ গৈ আছে নতুন সৃষ্টিৰ। ২০২০ত ইমৰান শ্বাহে অসমীয়া পাঠকৰ হাতত তুলি দিলে একাধিক নতুন গ্ৰন্থ।

আজি ওপজা দিনটোতে শিৱসাগৰ জিলা সাহিত্য সভাই বিয়লি ১.৩০ বজাৰ পৰা আয়োজন কৰা “ওপজা দিনৰ ওলগ” অনুষ্ঠানত উন্মোচন কৰা হ’ব ইমৰান শ্বাহৰ নৱতম কাব্যগ্ৰন্থ “আৰু বৰষুণ ..”, প্ৰবন্ধ সংকলন “উপকূল”। একেটা অনুষ্ঠানতে উন্মোচন হ’ব ইমানু শ্বাহ আৰু স্বৰ্ণজ্যোতি বৰুৱা বৰবৰা সংকলিত “ভুৰুকা–বনবাসীৰ পৰা লিহিৰি বনলৈ”। লগতে উন্মোচন কৰা হ’ব অধ্যাপিকা ডঃ ৰীতামনি বৰাৰ গ্ৰন্থ “ইমৰান শ্বাহৰ গল্প শৈলীৰ বিশ্লেষণ”।

উল্লেখযোগ্য যে, অনুষ্ঠানত জনপ্ৰিয় কবি অংকুৰণ আৰ্ফে ইমৰান শ্বাহৰ জীৱনক লৈ ৰচনা কৰা এটি গীত পৰিবেশন কৰিব অনাতাঁৰ শিল্পী সুশীল লাহনে।

ঈশান দত্ত, বাবুল, অনামিকা বৰুৱা, অমিতাভ বৰুৱা আদি বিভিন্ন ছদ্মনামত গল্প, কবিতা, উপন্যাস, গীত, প্ৰৱন্ধ আদি ৰচনা কৰা সাহিত্যিকগৰাকীয়ে সাহিত্য ক্ষেত্ৰত দীঘলীয়া পৰিক্ৰমা পাৰ কৰিও স্থৱিৰ হৈ পৰা নাই। সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, অনমিতা, ক্ৰান্তিৰেখা, সাগৰিকা, জৱানবন্দী, বন্ধ দুৱাৰ, ক্ৰীতদাসৰ হাঁহি, মোৰ ফুলনিৰ ফুল, সৃষ্টি-দৃষ্টি, কুকুহা, দোকমোকালিৰ দৰে বহু কেইখন গ্ৰন্থই প্ৰাণ পাইছে সাহিত্যিক গৰাকীৰ পৰিপুষ্ট চিন্তাত। ওপজা দিনতো মৃদুভাষী সৃষ্টিৰ সাধক জনৰ নাই কোনো পৰিকল্পনা। ৰাইজৰ মৰমকে সৃষ্টিৰ সমল কৰি লৈ নিৰলে আগবাঢ়িছে এইগৰাকী কথা সাহিত্যিক।

নৱম শ্ৰেণীত পঢ়ি থাকোতেই ‘বনবাসী’ৰ দৰে গ্ৰন্থ ৰচনা কৰা ইমৰান শ্বাহৰ মতে ”আজিৰ দিনত অসমীয়া সাহিত্যৰ ভাল অৱস্থা। আজিৰ সাহিত্য ক্ষেত্ৰ নতুন নতুন সাহিত্যিকেৰে ভৰপূৰ।” তেওঁ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয়–“সমাজ বা জীৱনৰ সকলো দিশ সলনি হৈছে। নতুন প্ৰজন্মই নতুন দিনৰ লগত খাপ খাই চলিব লাগিব আৰু তাৰ বাবে প্ৰস্তুত হৈ কাম কৰি যাব লাগিব।” সম্প্ৰতি নতুন সৃষ্টিৰ বিপৰীতে পদ্মশ্ৰী ইমৰান শ্বাহ ব্যস্ত অনুবাদ কৰ্মত। সাহিত্যিকগৰাকীয়ে নিয়মীয়াকৈ অনুবাদ কৰি গৈছে দেশী-বিদেশী বিখ্যাত গল্পকাৰৰ গল্প। জীৱনৰ সাতটা দশকৰো অধিক সময় কেৱল সাৰস্বত সাধনাত নিজকে নিয়োজিত কৰি অহা ইমৰান শ্বাহৰ ৮৯সংখ্যক ওপজা দিনত NKTV ৰ হৈ জ্ঞাপন কৰিছোঁ অলেখ শুভ কামনা।

NKTV Digital
Author: NKTV Digital

619 COMMENTS

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...