কলং কপিলী সমবায় সমিতি লিমিটেডলৈ শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা

ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডে কামৰূপ মহানগৰ জিলাৰ কলং কপিলী সমবায় সমিতি লিমিটেডলৈ আগবঢ়াইছে শ্ৰেষ্ঠ মীন সমবায় সমিতিৰ বঁটা। হাইদৰাবাদস্থিত মীন উন্নয়ন ব’ৰ্ডে অসমৰ মীন পালক অনুপ কুমাৰ শৰ্মালৈ পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত শ্ৰেষ্ঠ মীন পালকৰ বঁটা প্ৰদান কৰিছে। এই বঁটাৰ লগত আছে মানপত্ৰ, শ্বল, স্মাৰক আৰু ২ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ।

ইফালে, পাহাৰীয়া আৰু উত্তৰ-পূৱৰ জিলাসমূহৰ ভিতৰত অসমৰ বঙাইগাঁও জিলাক শ্ৰেষ্ঠ জিলাৰ বঁটা প্ৰদান কৰা হৈছে। এই বঁটাৰ লগত আছে মানপত্ৰ, এখন শ্বল, স্মাৰক আৰু ৩ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ। ৰাষ্ট্ৰীয় মীন উন্নয়ন বৰ্ডে এই পুৰস্কাৰসমূহ মীন দিৱসৰ লগত সংগতি ৰাখি উৰিষ্যাৰ ভুৱনেশ্বৰস্থিত উৰিষ্যা সচিবালয়ৰ সমাৱৰ্তন কেন্দ্ৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...