NKTV Impact | এনিশা, বৰষাৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে কাৰ্যবাহী সম্পাদক অনুপম চক্ৰৱৰ্তীৰ ‘জনসাধাৰণ’ শীৰ্ষক অনুষ্ঠানত সবিস্তাৰে প্ৰকাশ পাইছিল এনিশা আৰু বৰষাৰ দুখ-দুৰ্দশাৰ জীয়া প্ৰতিচ্ছবি। দুই কনমাণিক সহায়ৰ বাবে NKTVয়ে চলাইছিল এক কেম্পেইন। যাৰ অংশ স্বৰূপে NK PRIMEতো প্ৰচাৰ কৰা হৈছিল দুই কণমানিৰ কৰুণ কাহিনী।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এনিষা, বৰষাৰ ঘৰলৈ যাব বিধায়ক মানৱ ডেকা। সকলো অনুৰোধ ৰক্ষা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক মানৱ ডেকাই আজিয়েই কৰিব সকলো অভাৱ পূৰণৰ ব্যৱস্থা। দুজন ব্যৱসায়ীয়েও যোগাযোগ কৰিছে বিধায়ক মানৱৰ সৈতে। সকলোৱে মিলি দূৰ কৰিব ঘৰ, শিক্ষা, খোৱাপানীৰ অভাৱ।

সোমবাৰে সম্প্ৰচাৰিত ‘জনসাধাৰণ’ শীৰ্ষক অনুষ্ঠানৰ মাজতে এনিশা আৰু বৰষাৰ শিক্ষাৰ দায়িত্ব লোৱাৰ প্ৰতিশ্ৰুতি দিছিল লখিমপুৰ আছুৱে। আছুৰ সভাপতি সীমান্ত নেওগে NKTVৰ জৰিয়তে দুয়োটি শিশুক ব’ৰ্ডিং স্কুলত পঢ়ুওৱাৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰিছিল। আৰু আজি পুৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও দুই শিশুৰ সকলো দ্বায়িত্ব লোৱাৰ কথা ঘোষণা কৰে।

এনিষা, বৰষাকলৈ NKTVয়ে প্ৰস্তুত কৰা প্ৰতিবেদন

লখিমপুৰৰ ফুলবাৰী শান্তিপুৰৰ দুই মৰমলগা কণমানি। পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা এনিশা আৰু বৰষা। অন্ন, বস্ত্ৰ, বাসস্থানৰ চিন্তাত দুই কণমানি ভগ্নী। মাত্ৰ এটা বছৰৰ ভিতৰত পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা। এনিশাৰ বয়স ৯ বছৰ, বৰষাৰ ৮ বছৰ। কি কৰিব ক’লৈ যাব? কোনে ল’ব সিহঁতৰ দায়িত্ব? সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুই কণমানিৰ কাতৰ অনুৰোধ। আমাক অলপ সহায় কৰক। এই সন্দৰ্ভত আমাৰ এক প্ৰতিবেদন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধৰ্ষণ আৰু অপৰাধমূলক ভাবুকিৰ গোচৰত গ্ৰেপ্তাৰ IPLৰ ক্ৰিকেটাৰ অভিষেক পোৰেল

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ (IPL)-ত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক...

কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ বিধ্বংসী ভূমিকম্প: ধ্বংসস্তূপত পৰিণত কেইবাখনো চহৰ, মৃতকৰ সংখ্যা ১১১লৈ বৃদ্ধি

সোমবাৰে পশ্চিম কলম্বিয়াত অহা ৭.৪ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই...

সন্ধানহীন হোৱা ব্যক্তিৰ ক্ষেত্ৰত তুৰন্তে ৰুজু কৰিব লাগিব এজাহাৰ : উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে কোনো ব্যক্তি সন্ধানহীন...

মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ...