অসম-মেঘালয় সীমান্ত পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীৰ সৈতে ৰাইজৰে মত-বিনিময় মন্ত্ৰী হাজৰিকাৰ

অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টেইচঙৰ নেতৃত্বত গঠিত যুটীয়া আঞ্চলিক সমিতিৰ সৈতে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে। এই যুটীয়া পৰিদৰ্শন কালত মন্ত্ৰীজনে অসম-মেঘালয় সীমান্তৰ জিমিৰগাঁও, বাখালাপাৰা, লুংখুং, পাটগাঁও, বান্ধাপাৰা আদি গাঁও পৰিভ্ৰমণ কৰি স্থানীয় গাঁও প্ৰধান আৰু গাঁওবাসীৰ সৈতে অনুষ্ঠিত ৰাজহুৱা বৈঠকত মনৰ ভাৱ বুজ লয়।

যুটীয়া পৰিদৰ্শনকাৰী দলটোত পিযুষ হাজৰিকা দেৱৰ সৈতে আছিল কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন্ (ভা: প্ৰ: সে:) , জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয়। আনহাতে, মেঘালয় চৰকাৰৰ হৈ উপ-মুখ্যমন্ত্ৰী প্ৰিষ্টন টেইচঙৰ সৈতে আছিল পৰিবহণ মন্ত্ৰী দাচকিয়েট্ লামাৰে, জিৰাং আৰু নংপো বিধানসভা সমষ্টিৰ বিধায়কদ্বয় ক্ৰমে চেলবিয়াচ চ’টান আৰু এম, চিয়েম, ৰিভয় জিলাৰ উপায়ুক্ত আৰ, এম কুৰবাহ্ (ভা: প্ৰ: সে:)।

উল্লেখ্য যে, আজিৰ এই পৰিদৰ্শনৰ অন্তত ৰাইজৰ মতামতৰ ভিত্তিত প্ৰতিবেদন প্ৰস্তুত কৰি দুয়োজন মন্ত্ৰীয়ে অসম আৰু মেঘালয় চৰকাৰৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰাৰ পিছত পৰৱৰ্তী কাৰ্যব্যৱস্থা প্ৰস্তুত কৰা হ’ব। লক্ষণীয় যে, মুখ্যমন্ত্ৰীদ্বয় ড° হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই গ্ৰহণ কৰা ঐতিহাসিক পদক্ষেপৰ ফলশ্ৰুতিত দুয়োখন ৰাজ্যৰ দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ পথ প্ৰশস্ত হৈ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...