ডেল্টা ভেৰিয়েণ্ট কি? ভেকচিনে সুৰক্ষা দিব পাৰিব নে?

পূৰ্বৰ মাহবোৰত ৰাইজে ৰখা নিজৰ দৃঢ় স্থিতি যদি শিথিল কৰে, নিশ্চিতভাৱে আন এক লহৰ আহিব : ডাঃ অনুৰাগ আগৰৱাল, সঞ্চালক, Institute of Genomics and Integrative Biology (CSIR-IGIB), নতুন দিল্লী

প্রশ্ন: ডেল্টা ভেৰিয়েণ্ট কি? কিয় ই বিশ্ববাসীৰ বাবে চিন্তাৰ কাৰক হৈ পৰিছে?

ছাৰ্ছ-কভ-২, বি-১.৬১৭.২-ৰ জিনীয় উৎপৰিৱৰ্তিত ভেৰিয়েণ্টক সম্প্ৰতি ডেল্টা ভেৰিয়েণ্ট হিচাপে নামাকৰণ কৰা হৈছে। ইয়াৰ প্ৰ’টিন স্পাইক (Spike) সমূহত জিনীয় উৎপৰিৱৰ্তন সংঘটিত হৈছে, যিয়ে ইয়াক অধিক সংক্রমণাত্মক আৰু দেহ প্ৰতিৰোধী শক্তিক ভেদিব পৰাকৈ বিকশিত কৰিছে। ইতিমধ্যে এই জীৱাণুবিধ পৃথিৱীৰ ৮০খন দেশলৈ সংক্রমিত হৈছে। ভাৰতৰ পিছতে ই এতিয়া ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু দেশ যেনে, ছিংগাপুৰ আৰু দক্ষিণ চীনত তীব্ৰ গতিত বিয়পিবলৈ আৰম্ভ কৰিছে।

ডাঃ অনুৰাগ আগৰৱাল, সঞ্চালক, Institute of Genomics and Integrative Biology (CSIR-IGIB), নতুন দিল্লী

প্রশ্ন: ডেল্টা প্লাছ ভেৰিয়েণ্ট কি?

যেতিয়া সম্ভাব্য যিকোনো প্রয়োজনৰ বাবে ডেল্টা ভেৰিয়েণ্টে নিজৰ কোষত অতিৰিক্ত জিনীয় উৎপৰিৱৰ্তন সংঘটিত কৰে, তেতিয়া ইয়াক ডেল্টা প্লাছ হিচাপে চিহ্নিত কৰা হয়। উৎপৰিৱৰ্তিত কে৪১৭এন, যাক পূর্বতে বিটা ভেৰিয়েণ্টত পৰিলক্ষিত হৈছিল, সম্প্রতি কিছুলোকে ক’ব খোজা ডেল্টা প্লাছ হিচাপে ইয়াকে ধৰা হয়। ই কোনো ডেল্টা বা বিটাৰ বৰ্ণশংকৰ নহয়, কিন্তু সংমিলিত ক্রমঃবিকাশৰ ফলত ইয়াত স্বতঃস্ফূর্তভাৱে জিনীয় উৎপৰিৱৰ্তনৰ বিকাশ হৈছে, যাৰ প্ৰকৃত শুদ্ধ নাম এ ৱাই ১ বা এ ৱাই ২। মোৰ অভিমত যে, যিসমূহ অঞ্চল ইতিমধ্যে ডেল্টা ভাইৰাছৰ সংক্ৰমণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে, সেই অঞ্চলসমূহ ডেল্টা প্লাছ ভাইৰাছৰ বাবে কোনো গুৰুত্বপূৰ্ণ সমস্যাৰ সন্মূখীন নহব। মই আশা কৰো যে ডেল্টা ভাইৰাছৰ বিৰুদ্ধে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতাই গঢ়ি তোলা বাধাৰ বাবে ডেল্টা প্লাছৰ ক্ষেত্ৰতো নুন্যতম হ’লেও শৰীৰে ৰোগ প্ৰতিৰোধী আৰু ভাইৰাচ প্রশমন প্রক্রিয়া সৃষ্টি কৰিব। সেইবাবে মই ইয়াৰ ফলত শেহতীয়া কোনো আতংক বা ভীতিগ্রস্ত হোৱাৰ স্থল দেখা পোৱা নাই।

বিগত মাহত ডেল্টা ভাইৰাছৰ বিপৰীতে ডেল্টা প্লাছ দ্রুতগতিত সংক্রমিত হ’ব পৰা নাই, যিয়ে আমাক কিছু হলেও সকাহ দিছে। তথাপি অধিক বিশ্লেষণৰ প্ৰয়োজন নিহিত ডেল্টা উপ-প্ৰজাতিৰ ভাইৰাছৰ আচৰণত আই এন এছ এ চিঅ’জি (INSACOG)য়ে তীক্ষ্ম দৃষ্টি অব্যাহত ৰাখিছে।

প্রশ্ন: কিছু লোকে সম্ভাৱনা ব্যক্ত কৰাৰ দৰে শীঘ্ৰে আমি তৃতীয় টৌৰ সন্মূখীন হ’ম নেকি?

এটা অঞ্চলৰ সংকটাপন্ন বা দূর্বল লোকসকলোক ব্যাপক সংক্রমণৰ যোগেদি ভাইৰাছৰ প্ৰদূৰ্ভৱ আৰম্ভ হয় আৰু ই সংবেদনশীল লোকসকলোক অধিকৰ পৰা অধিকভাবে সংক্রমণ ঘটায়। কিছু লোক সংক্রশমিত হয় আৰু এনে ভাইৰাছৰ বিৰুদ্ধে শৰীৰত নিজস্বভাৱে বিকশিত হোৱা ৰোগ প্ৰতিৰোধী ক্ষমতাৰ বাবে আৰোগ্য লাভ কৰে। ইয়াৰ বিপৰীতে এনে কিছু লোক আছে যিয়ে টিকাকৰণৰ পিছত প্ৰয়োজনীয় প্ৰতিৰোধ ক্ষমতা লাভ কৰে।

যেতিয়া যথেষ্ট সংখ্যক লোকে এনে ৰোগ প্ৰতিৰোধী ক্ষমতা গঢ়ি তুলিব, তেতিয়া ভাইৰাছে সহজে সংক্রমণ বৃদ্ধি কৰিব নোৱাৰিব আৰু সংক্ৰমণৰ সংখ্যা হ্রাস পাব।

কিছু সময়ৰ পিছত, যেতিয়া ৰোগ প্ৰতিৰোধী ক্ষমতা হ্রাস হ’ব বা ভাইৰাছে ইয়াক ভেদিবলৈ সক্ষম হ’ব, তেতিয়া ভাইৰাছে পুনৰ আঘাত কৰিব আৰু পুনৰ সংক্ৰমণ আৰম্ভ হ’ব। ফলত ইয়াক আমি এক ‘টৌ চক্ৰ’ হিচাপে অভিহিত কৰিব পাৰো।

যদি সমগ্ৰ দেশৰ পৰিস্থিতি লক্ষ কৰো, আমি শেহতীয়াকৈ অহা লহৰক দ্বিতীয় লহক বুলি চিহ্নিত কৰিব নোৱাৰো। উদাহৰণ স্বৰূপে, দিল্লীৰ এয়া আছিল চতুৰ্থ লহৰ। দিল্লীত বিগত বৰ্ষৰ জুনত প্ৰথম, ছেপ্তেম্বৰত দ্বিতীয়, ইয়াৰ পিছতে নৱেম্বৰত তৃতীয় আৰু সম্প্ৰতি অহাটো চতুৰ্থ লহৰ।

বহুতো লোকে কেতিয়া পৰৱৰ্তী সংকট আহিব সেয়া জানিব বিচাৰে। ডেল্টা ভেৰিয়েণ্টে সম্প্রতি সমগ্ৰ দেশত সংক্রমণ অব্যাহত ৰখাৰ সময়ত মই নাভাবো যে শীঘ্ৰে আন এক লহৰ বা ঢৌ আহিব। এতিয়া অধিকাংশ লোকৰে এই ভাইৰাছৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধী ক্ষমতা গঢ়ি উঠিব। সেইবাবে মই স্থানীয়ভাবে কিছু অঞ্চলতহে ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব বুলি সম্ভাৱনা ব্যক্ত কৰিছো, শীঘ্ৰে দেশজুৰি বৃহৎ লহৰ আহিব বুলি মই নাভাবো।

অৱশ্যে, যদি উৎপৰিৱৰ্তিত ভাইৰাছে মাৰাত্মকভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধী ক্ষমতাক পৰাভূত কৰে আৰু পূৰ্বৰ মাহবোৰত লোকসকলে ৰখা নিজৰ দৃঢ় স্থিতি শিথিল কৰে, তেন্তে নিশ্চিতভাৱে আন এক লহৰ আহিব। অতিসম্প্রতি টীকাকৰণ দ্রুত হাৰত হৈ আছে, ভাইৰাছৰ ক্ৰমবিকাশৰ বাবে সময় লাগে আৰু আমি আই এন এছ এ চিঅ’ (INSACO) জিনীয় উৎপৰিৱৰ্তনৰ কাৰকৰ অনুসন্ধান অব্যাহত ৰাখিছো। সেইবাবে মই আশাবাদী যে আগন্তুক লহৰৰ পৰিসীমা সংকুচিত কৰিব পৰা যাব। মনত ৰাখিব যে এতিয়াও ভাইৰাছবিধ আছে আৰু আমি কিছু সময় লাভ কৰিছো যাক আমি ভালদৰে ব্যৱহাৰ কৰাটো জৰুৰী। সেয়ে আমি আতংকিত নহৈ অধিক সতর্ক হোৱাৰ প্ৰয়োজন লগতে টীকাকৰণ আগুৱাই নিয়া উচিত।

প্রশ্ন: টিকাৰ কাৰ্যকাৰিতাৰ ওপৰত জিনীয় উৎপৰিৱৰ্তনে কেনে প্রভাৱ বিস্তাৰ কৰে?

ভাইৰাছৰ প্ৰ’টিন স্পাইক (Spike)ত হোৱা জিনীয় উৎপৰিৱৰ্তনে টিকাকৰণৰ পিছত দেহত উৎপন্ন হোৱা এণ্টি বড়িক ইয়াৰ সৈতে সংযুক্ত হ’ব নিদিয়ে। এনে পৰিস্থিতিত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ পৰা উৎপৰিৱৰ্তিত ভাইৰাচ (mutant virus)য়ে লুকাই শৰীৰত প্ৰৱেশ কৰে আৰু ৰোগৰ সৃষ্টি কৰে। এতিয়ালৈকে, শেহতীয়াকৈ উপলব্ধ টিকাসমূহৰ উৎপৰিৱৰ্তিত ভাইৰাছৰ পৰা হোৱা জটিল ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে কিন্তু সংক্রমণ ৰোধ কৰাৰ ক্ষেত্ৰত ই কম দক্ষ।

প্রশ্ন: কি কাৰকে ভাইৰাছত উৎপৰিৱৰ্তনক ত্বৰান্বিত কৰে?

যেতিয়া স্থিতি লোৱা কোনো শৰীৰত ভাইৰাছে বংশ বৃদ্ধি আৰম্ভ কৰে, তেতিয়া ই ইয়াৰ নিযুত নিযুত প্ৰতিৰূপ সৃষ্টি কৰে। কিন্তু বহুক্ষেত্ৰত কিছু প্রতিৰূপী নতুন কোষ অপত্য পিতৃ কোষৰ দৰে হুবহু নহয়, সেই সমুহত কিছু পার্থক্য থাকে বা নতুন চৰিত্ৰ বিকাশ হয়, আৰু ইয়াকে উৎপৰিৱৰ্তন হিচাপে চিহ্নিত কৰা হয়। মানৱ দেহৰ ৰোগ প্ৰতিৰোধী শক্তিৰ পৰা লুকাই দেহত প্ৰৱেশ কৰাৰ বাবে ভাইৰাছে কিছু সুবিধাজনক উৎপৰিবর্তন বিকাশ কৰে। যিয়ে ইয়াক পূৰ্বৰ প্ৰজাতিৰ বিপৰীয়ে অধিক সংক্ৰমণ কৰাত সহায় কৰে আৰু ডেল্টা দৰে ই উৎপৰিৱৰ্তিত ভেৰিয়েণ্ট (mutant Variant) ৰূপে কাৰ্য আৰম্ভ কৰে।

প্রশ্ন: এটা ভাইৰাছত দ্বি-ত্রি উৎপৰিৱৰ্তন কি?

প্ৰক্ৰিয়াটো সৰল ভাষাত বুজোৱাৰ বাবে এই দুটা শব্দৰ ব্যৱহাৰ অশুদ্ধ। সকলো শেহতীয়া প্রজাতিয়েই উৎপৰিৱৰ্তন কঢ়িয়ায়। কিন্তু কিছু সংখ্যক উৎপৰিৱৰ্তিত ভাইৰাছে অধিক সংক্ৰমণৰ লগতে জটিল ৰোগ সৃষ্টি কৰিব পাৰে।

প্রশ্ন: জিন’ম ছিকুৱেলৰ জৰিয়তে ভাৰতে ভাইৰাছৰ উৎপৰিৱৰ্তন ধৰা পেলাব পাৰিবনে? ই কিয় গুৰুত্বপূর্ণ?

হয়, ভাইৰাছৰ জিনীয় উৎপৰিৱৰ্তনৰ কাৰক ভাৰতে চিনাক্ত কৰিছে। এনে কাৰক চিহ্নিত কৰাৰ বাবে সম্প্রতি বিদ্যমান ভেৰিয়েন্টৰ পৰা হোৱা প্ৰদূৰ্ভাৱৰ সংকট নিৰূপন কৰাত সহায়ক হৈছে। তদুপৰি আগন্তুক সম্ভাৱনাময় ভেৰিয়েণ্ট চিনাক্ত কৰাৰ ক্ষেত্ৰতো সহায়ক হৈছে।

প্রশ্ন: এটা ভাইৰাছৰ ‘ষ্টেইন’ আৰু ‘ভেৰিয়েণ্ট’ৰ মাজত পার্থক্য কি?

কাৰিকৰী দিশত যেতিয়ালৈকে ভাইৰাছৰ গুৰুত্বপূৰ্ণ চৰিত্ৰৰ ক্ষেত্ৰত সম্পূৰ্ণ পৰিৱৰ্তন নঘটে তেতিয়ালৈ ইয়াক ‘ষ্টেইন’

হিচাপে গণ্য কৰা হয়, যি এতিয়ালৈকে হোৱা নাই। ভেৰিয়েণ্ট বা প্রজাতি হৈছে এটা ভাইৰাছত পৰিলক্ষিত চাৰিত্ৰিক পৰিৱৰ্তন সংঘটিত কৰা জিনীয় উৎপৰিৱৰ্তনক সামৰি লোৱা উপযুক্ত শব্দ। প্রশ্ন- ইয়ে প্ৰতিটো উৎপৰিৱৰ্তনৰ বাবে বিজ্ঞানীসকলে নতুন ছিটা উদ্ভাৱনৰ প্ৰয়োজনীয়তাক সূচায় নেকি?

প্ৰতিটো উৎপৰিৱৰ্তনৰ বাবে নতুন ৰূপত টিকাৰ প্ৰয়োজন আছে বুলি আমি নাভাৱো। উদাহৰণ স্বৰূপে, উৎপৰিৱৰ্তিত ই ৪৮৪ কে (E484K) ভাইৰাছৰ বাবে টিকাৰ দৰকাৰ। আমি ইতিমধ্যে কিছু এম আৰএনএ (mRNA) টিকাৰ সংস্কৰণত এয়া পৰিলক্ষিত কৰিছো।

প্রশ্ন: ভাৰতত শেহতীয়াকৈ উপলব্ধ টিকাসমুহে উৎপৰিৱৰ্তিত ক’ভিড ভাইৰাছৰ বিৰুদ্ধে সুৰক্ষা দিয়ে নে?

হয়, দেশত উপলব্ধ সকলো টিকাই এইবিধ ভাইৰাছৰ পৰা উদ্ভৱ হ’ব পৰা জটিল ৰোগৰ পৰা সুৰক্ষা দিয়ে।

প্রশ্ন: কিয় ‘উৎপৰিৱৰ্তন’ বা ‘ষ্টেইনে’ আতংকৰ সৃষ্টি কৰে?

ভাইৰাছৰ বাবে উৎপৰিৱৰ্তন অপৰিহাৰ্য। ইয়াত আতংকিত হোৱাৰ কোনো প্রয়োজন নাই। ৰাইজে সকলো সতর্কতা অৱলম্বন কৰিব লাগে আৰু প্ৰতিৰোধৰ বাবে ক’ভিডৰ উচিত বিধি (CAB) অনুসৰণ কৰিব লাগে। চিএবি (CAB) সকলো উৎপৰিৱৰ্তিত ভাইৰাচৰ ক্ষেত্ৰত কাৰ্যকৰী লগতে পূৰ্বতে উনুকিয়াৰ দৰে, টিকাই ইয়াৰ পৰা সৃষ্টি হ’ব পৰা জটিল ৰোগৰ পৰা সুৰক্ষা দিয়ে।

প্রশ্ন: কিয় টিকাকৰণ অতি গুৰুত্বপূর্ণ?

যেতিয়া ক’ভিড উচিত বিধি (Covid Appropriate Behaviour)য়ে সকলো সংক্ৰমণৰ পৰা আমাক সুৰক্ষা দিয়ে, টিকাইয়ো সকলো সংক্ৰমণ আৰু সম্প্ৰসাৰণৰ হাৰ হ্ৰাস কৰে। অতিকৈ গুৰুত্বপূৰ্ণ যে, এইদুয়োবিধে জটিল ৰোগ বিকাশৰ সম্ভাৱনীয়তা ৯০শতাংশলৈ হ্রাস কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

গণৰাজ্য দিৱসত কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা উত্তোলন?

সমাগত গণৰাজ্য দিৱস । কোন মন্ত্ৰীয়ে ক’ত কৰিব পতাকা...

আহি আছে বৰষুণ, ২৭ জানুৱাৰীলৈ কুঁৱলীয়ে ঢাকি ধৰিব আকাশ

ৰাজ্যত ঠাণ্ডাৰ সমান্তৰালভাৱে আহিব পাৰে বৰষুণ। পূব বাংলাদেশৰ ফালে...

তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ...

ছইফ আলী খানৰ পৰিয়ালে হেৰুৱাব পূৰ্বপুৰুষৰ সম্পত্তি!

নিজৰ বাসগৃহত অবৈধ বাংলাদেশীৰ হাতত প্ৰহৃত ঘটনাৰ বিষয়ে আপুনি...