বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ; গুৱাহাটী মহানগৰীলৈ ভাবুকি!

0 74

গুৱাহাটী, ৬ জুলাই, NKTV: বিগত কেইদিনমানৰ পৰা ৰাজ্যত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলস্বৰূপে বৃদ্ধি পাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীলৈ ভাবুকি কঢ়িয়াইছে বৰ্ধিত পানীয়ে। এতিয়া ব্ৰহ্মপুত্ৰৰ ক্ৰমশ বৰ্ধমান পানীয়ে বিপদসীমা চুইছেগৈ। উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ। কেন্দ্ৰীয় জল আয়োগে সদৰি কৰা মতে, প্ৰতিদিনেই ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ১০ৰ পৰা ২০ ইঞ্চি পৰ্যন্ত বৃদ্ধি পাইছে। ৰাজ্যৰ লগতে অৰুণাচলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলতেই দিনক দিনে বৃদ্ধি পাইছে মহাবাহুৰ জলধাৰা।

Leave A Reply

Your email address will not be published.