আজি কেবিনেট বৈঠকত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৭ জুলাই, NKTVমুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি (৭ জুলাই) অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ:

▶️ এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীতেৰে আৰম্ভ কৰিবলৈ আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰিব। এতিয়াৰে পৰা প্ৰতিখন চৰকাৰী সভা, অনুষ্ঠানত অসমৰ শিপিনীৰ হাতেবোৱা গামোছা ব্যৱহাৰ কৰা বাবে আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷ এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব। ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিক্ৰীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যৰে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে।

▶️ আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস ২৮ জুলাইৰ দিনটো ‘দেশভক্তি দিৱস’ হিচাপে উদ্‌যাপন কৰা হ’ব। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত প্ৰতিখন জিলাতে আৰু ৰাজ্যিক পৰ্যায়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দিৱস পালন কৰা হ’ব।

▶️ আজিৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা প্ৰতিবছৰে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস ৫ আগষ্টৰ দিনটো ‘কৰ্মচাৰী দিৱস’ ৰূপে পালন কৰা হ’ব৷ এই দিৱসৰ সৈতে সংগতি ৰাখি কৰ্মক্ষেত্ৰত দক্ষতা আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা পাঁচজনকৈ কৰ্মচাৰীক জিলা পৰ্যায়ত আৰু দহজনকৈ কৰ্মচাৰীক ৰাজ্যিক পৰ্যায়ত পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছে আজিৰ কেবিনেট বৈঠকে। অৱশ্যে এই বাছনি প্ৰক্ৰিয়াত ৰাজপত্ৰিত বিষয়াসকলক সামৰি লোৱা নহ’ব। পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ চাকৰিৰ কাৰ্যকাল এবছৰলৈ বৃদ্ধি কৰা হ’ব।

▶️ যিকেইখন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে সেই জিলাসমূহৰ সংশ্লিষ্ট অভিভাৱক মন্ত্ৰী আৰু সচিবসকলে কাইলৈৰ পৰা তিনিদিনৰ বাবে সেই জিলাসমূহত ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

▶️ টেট প্ৰমাণ পত্ৰৰ ম্যাদ জীৱনজোৰা কৰা হ’ব। প্ৰাৰ্থীসকলে নিজৰ ফলাফল উত্তীৰ্ণ কৰাৰ বাবে পৰীক্ষাত পুনৰ অৱতীৰ্ণ হ’ব পাৰিব। অৱশ্যে চাকৰিৰ বাবে আৱেদন জনোৱাৰ ক্ষেত্ৰত বয়সৰ ঊদ্ধৰ্সীমা প্ৰযোজ্য হৈ থাকিব।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...