গুটখাৰ বাবেই… এগৰাকী মহিলাক গুৰুলা গুৰুলকৈ প্ৰহাৰ

এইবাৰ গুটখাক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গুটখাৰ পেকেটৰ বাবেই প্ৰথমে তৰ্ক-বিতৰ্ক, পাছত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা যোৰহাটৰ পুলিবৰ ৰৌমাৰী গাঁৱৰ। খবৰ অনুসৰি বুধবাৰে নিশা গাঁওখনৰ ভাওনাৰ আখৰাস্থলীত এটা শিখৰৰ পেকেটক কেন্দ্ৰ কৰি দুজন যুৱকৰ মাজত আৰম্ভ হৈছিল তৰ্ক-বিতৰ্কৰ। তৰ্ক-বিতৰ্কৰ মাজতে এগৰাকী মহিলাই কাজিয়া এৰুৱাবলৈ লওঁতেই ঘটিল ভয়ংকৰ ঘটনা। পদ্ম হাজৰিকা ওৰফে কাৰ্তিক নামৰ এজন যুৱকে লোহাৰে আক্ৰমণ কৰিলে মহিলাগৰাকীক। বৰ্তমান JMCHৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজিছে গুৰুতৰভাৱে আহত মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত অভিযুক্ত পদ্ম হাজৰিকা ওৰফে কাৰ্তিকৰ বিৰুদ্ধে পুলিবৰ থানাত গোচৰ তৰিচে মহিলাগৰাকীৰ পৰিয়ালে। বৰ্তমান পুলিবৰ আৰক্ষীয়ে কাৰ্তিকক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...