গুটখাৰ বাবেই… এগৰাকী মহিলাক গুৰুলা গুৰুলকৈ প্ৰহাৰ

এইবাৰ গুটখাক কেন্দ্ৰ কৰিয়েই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা গুটখাৰ পেকেটৰ বাবেই প্ৰথমে তৰ্ক-বিতৰ্ক, পাছত গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিলে এগৰাকী মহিলাক। ঘটনা যোৰহাটৰ পুলিবৰ ৰৌমাৰী গাঁৱৰ। খবৰ অনুসৰি বুধবাৰে নিশা গাঁওখনৰ ভাওনাৰ আখৰাস্থলীত এটা শিখৰৰ পেকেটক কেন্দ্ৰ কৰি দুজন যুৱকৰ মাজত আৰম্ভ হৈছিল তৰ্ক-বিতৰ্কৰ। তৰ্ক-বিতৰ্কৰ মাজতে এগৰাকী মহিলাই কাজিয়া এৰুৱাবলৈ লওঁতেই ঘটিল ভয়ংকৰ ঘটনা। পদ্ম হাজৰিকা ওৰফে কাৰ্তিক নামৰ এজন যুৱকে লোহাৰে আক্ৰমণ কৰিলে মহিলাগৰাকীক। বৰ্তমান JMCHৰ বিচনাত জীৱন-মৃত্যুৰে যুঁজিছে গুৰুতৰভাৱে আহত মহিলাগৰাকীয়ে। ঘটনা সন্দৰ্ভত অভিযুক্ত পদ্ম হাজৰিকা ওৰফে কাৰ্তিকৰ বিৰুদ্ধে পুলিবৰ থানাত গোচৰ তৰিচে মহিলাগৰাকীৰ পৰিয়ালে। বৰ্তমান পুলিবৰ আৰক্ষীয়ে কাৰ্তিকক বিচাৰি অব্যাহত ৰাখিছে অভিযান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...