ৰাজ্যিক কেবিনেট বৈঠকত ৭টা বৃহৎ সিদ্ধান্ত

আজি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ কনভয়, বিত্তীয় শৃংখলাবদ্ধতা, পৌৰ নিৰ্বাচন আৰু বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন আদিকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এছক’ৰ্ট আৰু পাইলট গাড়ীসমূহক বাদ দি মুখ্যমন্ত্ৰীৰ কনভয়ত গাড়ীৰ সংখ্যা গুৱাহাটী মেট্ৰ’পলিটান এলেকাৰ ভিতৰত ছখন আৰু অন্যান্য এলেকাত বা জিলাত ১২খনত সীমাবদ্ধ থাকিব।
মুখ্যমন্ত্ৰীৰ যাত্ৰাৰ সময়ত নাগৰিকৰ চলাচলত ব্যাঘাত জন্মোৱা নহ’ব। সুৰক্ষাজনিত অত্যন্ত প্রয়োজনত ২ মিনিট বা তাতকৈ কম সময়ৰ বাবেহে বাহন চলাচল স্থগিত ৰখা হ’ব।
এম্বুলেঞ্চ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব।
ৰাজহুৱা কামত অধিক সময় ব্যয়ত প্রাধান্য প্রদানেৰে মুখ্যমন্ত্ৰী, মন্ত্রী তথা জ্যেষ্ঠ বিষয়াসকলক সম্বৰ্ধনা/উপহাৰ প্ৰদানৰ প্ৰথা বন্ধ। অৱশ্যে অতিথিসকলৰ প্ৰতি উপযুক্ত সৌজন্যতা প্ৰদৰ্শন কৰা হ’ব।
জিলা গঠনৰ তাৰিখত অসমৰ সকলো জিলাত স্থানীয় লোকৰ সক্রিয় সহযোগিতাৰে জিলা দিৱস উদযাপনৰ সিদ্ধান্ত। যিবোৰ জিলাত কোনো অধিসূচনা উপলব্ধ নহয় সেই জিলাত জিলাখনৰ প্ৰথমগৰাকী উপায়ুক্তৰ যোগদানৰ তাৰিখটো জিলা দিৱস হিচাপে পালন কৰা হ’ব।
চৰকাৰী ভ্ৰমণ আৰু ৰাজহুৱা কাৰ্যসূচীৰ সময়ত মন্ত্ৰীসকলে কেৱল ইতিমধ্যে বাজেটৰ অংশ হোৱা আঁচনি বা আন যিকোনো চৰকাৰী ঘোষণাৰ বিষয়েহে তথ্য প্রদান কৰিব। বিত্তীয় শৃংখলতা বজাই ৰখাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসকলে পর্যাপ্ত বিত্তীয় সম্পদ উপলব্ধতাৰ কথা বিবেচনা নকৰাকৈ কোনো নতুন ঘোষণা কৰিব নোৱাৰিব। অৱশ্যে বিভাগীয় আলোচনামর্মে সভাত আঁচনিৰ কথা উল্লেখ কৰিব পৰা যাব
পৌৰ নিগমৰ নিৰ্বাচনক লৈ সিদ্ধান্ত কেবিনেটত। ৰাজ্যিক নির্বাচন আয়োগে ১০ মার্চ ২০২২-ৰ আগতে পৌৰ নিৰ্বাচন অনুষ্ঠিত কৰিব।
বিধানসভাৰ বাজেট অধিৱেশনক লৈও কেবিনেটত সিদ্ধান্ত। অসম বিধানসভাৰ বাজেট অধিবেশন ২০২২ৰ ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...