IIT গুৱাহাটীত কেনেকৈ মৃত্যু ঘটিল মেধাৱী প্ৰশান্তৰ?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীত পুনৰ চাঞ্চল্যকৰ ঘটনা। ওড়িশাৰ মেধাৱী ছাত্ৰৰ ৰহস্যজনক মৃত্যু। হিউমেনিটীজ এণ্ড ছচিয়েল চায়েঞ্চ বিষয়ত গৱেষণা কৰি থকা প্ৰশান্ত কুমাৰ আহোজাৰ অকাল বিয়োগ। ২৫ জানুৱাৰীৰ আবেলি শিক্ষাৰ্থীজন IITৰ ছাত্ৰাবাসত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল। পিছত শিক্ষাৰ্থীজনক গুৱাহাটী‌ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

মৰণোত্তৰ ‌পৰীক্ষাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা‌ যাব। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। গণৰাজ্য দিৱসৰ দিনাই IIT গুৱাহাটীত কেনেকৈ গৱেষক শিক্ষাৰ্থীজনৰ মৃত্যু ঘটিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...