ঘৰৰ ল’ৰা ঘৰলৈ, চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰক

অৱশেষত চীনে চমজাই দিলে অৰুণাচলৰ অপহৃত কিশোৰ মিৰাম টাৰণক। চীনৰ সামৰিক বাহিনী PLAই আজি হস্তান্তৰ কৰে কিশোৰজনক। ১৮ জানুৱাৰীত অপহৃত হৈছিল কিশোৰটি। মিৰাম টাৰণ নামৰ কিশোৰজনক সীমান্তৰ পৰা কৰায়ত্ত কৰিছিল PLA-এ। আজি অৰুণাচল সীমান্তত সেনাক চমজাই দিয়ে মিৰাম টাৰণক। বৰ্তমান চিকিত্সা আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। NKTVক জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। ১৮ জানুৱাৰীত অপহৃৰণৰ পিছতে ১৯ জানুৱাৰীত টুইটাৰযোগে অৱগত কৰিছিল অৰুণাচল পূবৰ সাংসদ টাপিৰ গাৱে। চৰকাৰৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ তুলি সমালোচনা কৰিছিল ৰাহুল গান্ধীয়েও। ভাৰত চৰকাৰে মুকলি কৰিবলৈ দাবী জনোৱাৰ পিছতে চীনৰ সঁহাৰি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পেহেলগামৰ নৰসংহাৰত কিয় চৰ্চাত ৩ আদিল?

দেখাত মানুহ যেন লগা এজাক পশুৰ পাষৱিকতাত মুহূৰ্ততে তচনচ...

ভাৰতৰ সৈতে যুদ্ধ কিয় পাকিস্তানৰ বাবে অৰ্থনৈতিক আত্মহত্যা?

পাকিস্তানৰ অৰ্থনীতি বৰ্তমান সংকটৰ মুখামুখি। কোটি কোটি টকাৰ বিদেশী...

ভাৰতীয় সেনাই ১৯৭১ চনত এই পাকিস্তানী অঞ্চলসমূহ দখল কৰিছিল, ইন্দিৰা গান্ধীয়ে ১৯৭২ চনত ঘূৰাই দিছিল…

১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও...

পাকিস্তানক সমৰ্থনৰ অভিযোগত ৰাজ্যত ৭ জনক গ্ৰেপ্তাৰ

পেহেলগাম কাণ্ডই জোকাৰিছে সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে পাকিস্তানক সমৰ্থনৰ...