সেই তাতে আছিল আমাৰ সপোনৰ ঘৰখন, আমাৰ মৰমৰ ঘৰখনত এতিয়া কোবাল সোঁত বৈ আছে ব্ৰহ্মপুত্ৰৰ। ওপৰত বৰষুণ, তলত বোকা, মথাউৰিয়ে এতিয়া আশ্ৰয়স্থল মাইজানৰ জনতাৰ। জুপৰি সাজি এইদৰে আৰু কিমানদিনলৈ?
এই মথাউৰিয়ে এতিয়া তেওঁলোকৰ শেষ আশা ভৰসা। ইতিমধ্যে নদীৰ খহনীয়াই লৈ গ’ল তেওঁলোকৰ সকলো। নদীৰ বুকুত বিলীন হ’ল ঘৰ মাটি পোহনীয়া জীৱ জন্তু। হাতৰ কাষতে পোৱা এপদ দুপদ সম্পদ লৈ এইদৰে আশ্ৰয় লৈছে এই মঠাউৰীতে তেওঁলোকে। খাদ্য, খোৱাপানীৰ অভাৱৰ বাবে সমস্যাৰ কৱলত এতিয়া তেওঁলোক। মাইজানৰ বিননি শুনিব কোনে?