এজাক বৰষুণতে জলবন্দী গুৱাহাটী! পৰিৱৰ্তন কেতিয়া?

এজাক বৰষুণতে পুনৰ উটি-ভাহি গ’ল মহানগৰীৰ আভিজাত্য। মুষলধাৰ বৰষুণত প্লাৱিত বহু অঞ্চল। সন্ধিয়া অহা ধাৰাসাৰ বৰষুণত জলমগ্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। চানমাৰি, জি এছ ৰোড, আৰ জি বৰুৱা ৰোডত সকলোতে পানী আৰু পানী। একাঁঠু পানীৰ বাবে আবদ্ধ বহু বাহন। গুৰুত্বপূৰ্ণ কামৰ বাবে ওলায়ো ঘৰতে জলবন্দী হৈ থাকিব লগীয়া হৈছে গুৱাহাটীৰ বাসিন্দা।

বহু অঞ্চলতে ব্যাহত হৈছে বিদ্যুৎ সেৱা। ৰাজপথত তীব্ৰ যান-জঁট। গুৰুত্বপূৰ্ণ কামৰ বাবে আহিও পানীৰ বাবে দূৰতে অৱস্থান কৰিব লগা হৈছে। জলবন্দী নাগৰিকে চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। ক্ষোভিত ৰাইজে প্ৰকৃতাৰ্থত বান আৰু কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰাৰ দাবী জনাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...