অসম চুক্তি আমি কৰা নাছিলো আছুৱেহে কৰিছিল, এইবাৰ আছুক ওভতি ধৰিলে আমছুৱে

আমছু বাংলাদেশীৰ ৰক্ষক নহয় । বাংলাদেশী চিনাক্ত কৰি দিয়ক আমি ব্যৱস্থা লম। আমি অসম চুক্তিৰ ৰূপায়ণহে বিচাৰিছো। অসম চুক্তি আমি কৰা নাছিলো আছুৱেহে কৰিছিল। NRC আমি বিচৰা নাছিলো, আছুৱেহে বিচাৰিছিল। গতিকে অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছৰ মানুহৰ কথা আমি উল্লেখ কৰিছে। NRC প্ৰকাশৰ পিছতে মিঠাই আমি খোৱা নাছিলো, আছুৱেহে খাইছিল। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত NRCৰ কাম তেওঁলোকে চোৱা-চিতা কৰিছিল, আমি কৰা নাছিলো । গতিকে আমছুয়ে কাৰো ৰঙা চকু কেৰেপ নকৰে বুলি সকীয়নি প্ৰদান কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে। আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কৰা মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমছুৱে। অসম চৰকাৰখন সম্পূৰ্ণৰূপে বিফল হৈছে। মুল্যবৃদ্ধিকে ধৰি জ্বলন্ত সমস্যাই মূৰ দাঙি উঠিছে, এই সমস্যা সমাধানত বিফল মুখ্যমন্ত্ৰীজনে মানুহৰ চিন্তাধাৰা অন্যফালে ঢাল খুৱাবলৈ এনআৰচিৰ প্ৰসংগ বিতৰ্কৰ মাজলৈ আনিছে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিজেপি নেতৃত্বাধীন চৰকাৰখনেই নাগৰিকপঞ্জী উন্নীত কৰিছিল। গতিকে ইয়াত কিবা মনে সজা সিদ্ধান্ত ল’ব সেয়া আমি মানি নলওঁ, অন্যথা উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ হুংকাৰ আমছুৰ। সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে চিৰাং জিলা সদৰ কাজলগাঁৱত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ব্ৰিটিছবিৰোধী সংগ্ৰামৰ দুই বীৰ ছহিদ পিয়লি ফুকন-জীউৰাম দুলীয়া বৰুৱাক আজি শ্ৰদ্ধাৰে স্মৰণ

ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ মাটিত আত্মবলিদান দিয়া পিয়লি...

খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে ভাৰতীয় টকাৰ মূল্য এসপ্তাহৰ সৰ্বনিম্ন স্তৰলৈ

বৃহস্পতিবাৰে আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ০.২ শতাংশ...

দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক সম্পন্ন; কি কি ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক কেবিনেটৰ?

দিছপুৰৰ লোকসেৱা ভৱনত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও...

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তেজনা

ডবকাৰ হাজী আনফৰ আলী মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ...