এজাক বৰষুণতে জলবন্দী গুৱাহাটী! পৰিৱৰ্তন কেতিয়া?

0 27

এজাক বৰষুণতে পুনৰ উটি-ভাহি গ’ল মহানগৰীৰ আভিজাত্য। মুষলধাৰ বৰষুণত প্লাৱিত বহু অঞ্চল। সন্ধিয়া অহা ধাৰাসাৰ বৰষুণত জলমগ্ন গুৱাহাটীৰ বিভিন্ন প্ৰান্ত। চানমাৰি, জি এছ ৰোড, আৰ জি বৰুৱা ৰোডত সকলোতে পানী আৰু পানী। একাঁঠু পানীৰ বাবে আবদ্ধ বহু বাহন। গুৰুত্বপূৰ্ণ কামৰ বাবে ওলায়ো ঘৰতে জলবন্দী হৈ থাকিব লগীয়া হৈছে গুৱাহাটীৰ বাসিন্দা।

বহু অঞ্চলতে ব্যাহত হৈছে বিদ্যুৎ সেৱা। ৰাজপথত তীব্ৰ যান-জঁট। গুৰুত্বপূৰ্ণ কামৰ বাবে আহিও পানীৰ বাবে দূৰতে অৱস্থান কৰিব লগা হৈছে। জলবন্দী নাগৰিকে চৰকাৰক শীঘ্ৰে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে। ক্ষোভিত ৰাইজে প্ৰকৃতাৰ্থত বান আৰু কৃত্ৰিম বানপানীৰ সমস্যা দূৰ কৰাৰ দাবী জনাইছে।

Leave A Reply

Your email address will not be published.