বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰ

বহি পুনঃৰীক্ষণৰ পিছত উত্তৰ-পূবৰ ভিতৰত প্ৰথম স্থান গুৱাহাটীৰ দেৱৰ্ষি কাকতি বৰাৰ
ফেকাল্টি উচ্চতৰ মাধ্যমিক বিদ্যালয়, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ উষ্ম আদৰণি
কেন্দ্ৰীয় মাধ্যমিক  শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত নম্বৰৰ খেলিমেলি হোৱাৰ ফলত  স্থান প্ৰাপ্তিৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল  উত্তৰ গুৱাহাটীৰ কৃতী ছাত্ৰ দেৱৰ্ষি কাকতি বৰা । অলপতে ঘোষিত  ২০২৪ ৰ CBSE ৰ দ্বাদশ শ্ৰেণীৰ ( কলা শাখা ) পৰীক্ষাত ৯৭% নম্বৰ লাভ কৰি উৰ্ত্তীণ হৈছিল যদিও বহী পুনৰিক্ষন কৰাত ৯৯% নম্বৰ লৈ উত্তৰ পূৰ্ব্বাঞ্চলতৰ ভিতৰত  প্ৰথম স্থান লাভ  কৰিবলৈ সক্ষম হয়। দেৱৰ্ষিয়ে উত্তৰ গুৱাহাটীৰ ফেকাল্টি হায়াৰ ছেকেণ্ডাৰীৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল।  উল্লেখ্য , দেৱৰ্ষিয়ে যোৱা মে মাহত ঘোষিত  হায়াৰ চেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলত ৯৭% শতাংশ নম্বৰ লাভ কৰি উৰ্ত্তীণ হৈছিল । কিন্তু ইংৰাজীৰ বহি পুনৰীক্ষণ কৰি পূৰ্বৰ ৮৭ নম্বৰৰ  পৰিবৰ্তে ৯৭ নম্বৰ পাবলৈ সক্ষম হয় আৰু এতিয়া তেওঁৰ শতাংশ বাঢ়ি গৈ ৯৯% নম্বৰ হয়গৈ ।

২৭ জুন তাৰিখে এই নতুন ফলাফল ষোষণা কৰাৰ পাছতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই দেৱৰ্ষিক সম্বৰ্ধনা  জ্ঞাপন কৰে।  আনহাতে  আজি তেওঁ পঢ়া বিদ্যালয় উত্তৰ গুৱাহাটী ফেকাল্টি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ ফালৰ পৰাও  বিদ্যালয় খনৰ সঞ্চালিকা লয়া সিংহাই গামোচা আৰু উপহাৰৰ টোপোলাৰে বিপুল সম্বৰ্দ্ধনা জনায় আৰু তেওঁ কয় যে দেৱৰ্ষিয়ে  ৯৯% নম্বৰ লাভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰি বিদ্যালয় খনৰ লগতে বৃহত্তৰ অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। সম্বৰ্দ্ধনা  অনুষ্ঠানত বিদ্যালয়ৰ অধ্যক্ষ যুগল চন্দ্ৰ বৰাকে আদি কৰি প্ৰায় খিনি শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। দেৱৰ্ষি কাকতি বৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক পৰেশ চন্দ্ৰ বৰা আৰু একেখন মহাবিদ্যালয়ৰে অৱসৰপ্ৰাপ্ত অধ্যাপিকা মীৰা বৰাৰ নাতি। দেৱৰ্শীৰ দেউতাক পলাশ লোচন বৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা আৰু মাক হীৰা কাকতি বৰা অসম চৰকাৰৰ সামাজ কল্যাণ বিভাগৰ শিশু কল্যাণ প্ৰকল্প বিষয়া হিচাপে কৰ্মৰত । ইফালে, উত্তৰ গুৱাহাটী সাংবাদিক সন্থাৰ বিষয়ববীয়া সকল দেৱৰ্ষি কাকতি বৰাৰ উত্তৰ গুৱাহাটী অভয়পুৰস্থিত বাসভৱনলৈ গৈ তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে । ভবিষ্যতে , ভাৰতীয় প্ৰশাসনিক বিষয়া হ’বলৈ মনত সংকল্প লোৱা দেৱৰ্ষিয়ে বুৰঞ্জীক মূল বিষয় হিচাপে লৈ কটন বিশ্ববিদ্যালয় বা দিল্লীত অধ্যয়ন কৰিব ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...