দ্বিতীয়বাৰলৈ ভাৰতৰ দখলত T20 বিশ্বকাপৰ খিতাপ

ইতিহাস ৰচিলে ভাৰতীয় ক্ৰিকেট দলে। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি T20 বিশ্বকাপৰ চেম্পিয়ন ভাৰত। ২য়বাৰলৈ T20 বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত । যুঁজি যুঁজি জিকিল ৰোহিত শৰ্মা বাহিনী। শ্বাসৰুদ্ধকৰ খেলত বিজয়ৰ হাঁহি মাৰিলে টীম ইণ্ডিয়াই। ফাইনেলত উজলিল বিৰাট কোহলি। বিৰাট কোহলিৰ ৫৯ বলত ৭৬ ৰানৰ দৰ্শনীয় ইনিংছ। শেষ মুহূৰ্তৰ খেলত ভাৰতীয় বলাৰৰ ধুমুহা গতিৰ প্রদৰ্শন। শেষ মুহূৰ্তত বাজি মাৰিলে ভাৰতীয় বলাৰে। হাৰ্দিক পাণ্ডিয়াৰ ৩টা উইকেট দখল। অৰ্শদীপ আৰু বুমৰাহে দখল কৰিলে দুটাকৈ উইকেট। ৭ ৰানত জয়ী টীম ইণ্ডিয়া। ৩১ বলত ৪৭ ৰান সংগ্রহ কৰে অক্ষৰ পেটেলে। শিৱম ডুবে ১৬ বলত সংগ্রহ কৰে ২৭ ৰান। সূৰ্যকুমাৰ যাদৱৰ দৰ্শনীয় ফিল্ডিঙে সলালে খেলৰ গতি। ৮ উইকেট হেৰুৱাই ১৬৯ ৰানতে থমকিল দক্ষিণ আফ্রিকা। খেলখনত প্লেয়াৰ অব দ্য মেচ বিৰাট কোহলি। প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট যশপ্ৰীত বুমৰাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...