উৰুকাৰ দিনা গুৱাহাটীত বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা

পাৰ হ’ল উৰুকাৰ নিশা। লগে ভাগে এসাঁজ খাই অসমীয়াই উদযাপন কৰিলে হেঁপাহৰ ভোগালী বিহুটি। পুৱাতে উঠি মেজি জ্বলাই কোনোৱে নাচিলে কঁকাল ভাঙি। কিন্তু কেনে গ’ল আপোনাৰ উৰুকাৰ নিশাটি। হয়, যেন গুৱাহাটী মহানগৰীত পুনৰাবৃত্তি হ’ল থাৰ্টী ফাৰ্ষ্টৰ নাইট। ৩১ ডিচেম্বৰৰ নিশা নাছিল সান্ধ্য আইন। কিন্তু উৰুকাৰ নিশা ১১ বজাৰ পৰা আৰম্ভ হোৱা সান্ধ্য আইনৰ কবলত আইন উলংঘাকাৰী। ৰাজপথত সুৰাপায়ী চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান। নেতৃত্বত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।

অভিযানকাৰী দলে উৰুকাৰ নিশা গুৱাহাটীত সংগ্ৰহ কৰিলে ১১.৫০ লাখ টকা। সুৰাপান কৰি বাহনখন লৈ ৰাজপথলৈ ওলাই অহা সুৰাপায়ী চালকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিলে ৪৮টাকৈ গোচৰ। অভিযানকাৰী দলৰ পৰা সাৰি নগ’ল এজনো আইন উলংঘাকাৰী। তাৰ মাজতে উৰুকাৰ নিশাটোত দুৰ্ঘটনা শূন্য হৈ ৰ’ল ৰাজধানী গুৱাহাটী মহানগৰী।

ইয়াৰ মাজতে ভোগালীৰ উৰুকাৰ দিনা ৰাজ্যত ব্যাপক হাৰত বিক্ৰী হ’ল বিলাতী সুৰা। খোদ এইখন গুৱাহাটী মহানগৰীতে অভিলেখ গঢ়িলে সুৰা বিক্ৰীৰ সংখ্যাই। উৰুকাৰ নিশা ভোজৰ নামত মহানগৰীত সুৰাপায়ীয়ে ব্যাপক হাৰত কিনিলে সুৰা। আপুনি জানি আচৰিত হ’ব উৰুকাৰ দিনা গুৱাহাটী মহানগৰীতে বিক্ৰী হ’ল ২.৭৫ কোটি টকাৰ সুৰা।

কেৱল গুৱাহাটীয়েই নহয়, আৰক্ষীৰ তালাচী চলিল ৰাজ্যৰ ভিন্ন প্ৰান্তত। ধুবুৰী, নাজিৰাতো একেই পৰিৱেশ। সুৰাপায়ীৰ বিৰুদ্ধে চলিল অভিযান। মুঠতে ভোগৰ উৎসৱ ভোগালীত মাছে মঙহে লগ লাগি উদৰপুৰাই এসাঁজ খালে সকলোৱে। তাৰ মাজতে একাংশই সুৰাপান কৰি ৰাজপথলৈ ওলাই অহা চালক পৰিল এনেদৰে আৰক্ষীৰ জালত। লাগিলে যিয়েই নহওক, উৎসৱ বুলিলেই সুৰা লাগিবই। সেই কথা পুনৰ প্ৰমাণ কৰিলে সুৰাপায়ীয়ে ক্ৰয় কৰা অভিলেখসংখ্যক সুৰা বিক্ৰীৰ তথ্যই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত অসমৰ নতুন অভিলেখ

প্ৰথমবাৰৰ বাবে ফাইনেল খেলিব অসমৰ চাৰি বক্সাৰে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ইতিহাসত...

২৪ ফেব্ৰুৱাৰীৰ ঝুমইৰ নৃত্যৰ অনুষ্ঠান বিভিন্ন বাগানত পোনপটীয়া প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ নির্দেশ মুখ্যমন্ত্ৰীৰ

জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্স অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰীৰ মহিলা...

চলিত ফেব্ৰুৱাৰী মাহতে ৰাজ্যত দুটাকৈ বৃহৎ অনুষ্ঠান

লোকসেৱা ভৱনত 'এডভান্টেজ আছাম ২.০' আৰু 'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানৰ...

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো ভৱিষ্যতে দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তোলা হ’বঃ মুখ্যমন্ত্রী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ টার্মিনেলৰ পুনৰ উন্নীতকৰণ আৰু...