ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ভাৰতীয় মূলৰ ঋষি ছুনক

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ব পাৰে ভাৰতীয়মূলৰ ঋষি ছুনক। সংকটত বৰ্তমানৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন। পদত্যাগৰ দাবী উত্থাপন হৈছে বৰিছ জনছনৰ বিৰুদ্ধে। ২০২০ চনত ক’ভিডৰ বাবে যি লকডাউন দিয়া হৈছিল দেশখনত, সেই সময়তে নিয়ম ভংগ কৰি পাৰ্টী কৰাৰ অভিযোগ বৰিছ জনছনৰ বিৰুদ্ধে। এই অভিযোগক লৈ সংকটত প্ৰধানমন্ত্ৰী বৰিছ জনছন। বৰিছ জনছনৰ বিৰুদ্ধে পদত্যাগৰ দাবী বিৰোধীৰ। ব্ৰিটেইনৰ এটা আগশাৰী সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে যে, বৰিছ জনছনৰ স্থলাভিষিক্ত হ’ব পাৰে ভাৰতীয় মূলৰ বিত্তমন্ত্ৰী ঋষি ছুনাক। বৰিছ জনছনে পদত্যাগ কৰিবলৈ বাধ্য হ’লে ভাৰতীয় মূলৰ ঋষি ছুনাকে আটাইতকৈ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ প্ৰাৰ্থী। ইতিমধ্যে ক্ষমাও বিচাৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ভাৰতৰ আক্ৰমণৰ পিছত সেনাৰ মুখ্য কাৰ্যালয় স্থানান্তৰিত কৰাৰ পৰিকল্পনা পাকিস্তানৰ

ভাৰতৰ আক্ৰমণত পাকিস্তানৰ নুৰ খান বিমান ঘাটিত হোৱা ব্যাপক...

আমেৰিকাক শূন্য শুল্ক দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ পাকিস্তানৰ

পাকিস্তানে আমেৰিকাক নিৰ্বাচিত পণ্যৰ ওপৰত শূন্য শুল্কৰ দ্বিপাক্ষিক বাণিজ্য...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী...

ভাৰতত এপলৰ সামগ্ৰী বনোৱা বন্ধ কৰিবলৈ ট্ৰাম্পৰ প্ৰস্তাৱ

মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে Appleৰ CEO টিম কুকক ভাৰতত...